বিদেশত সমাদৃত অসমৰ ৰঙা চাউলে কি সুখবৰ কঢ়িয়ালে ? What good news has Assam’s popular Red rice brought from abroad?

0
567
মাজুলীৰ কৃষি বুৰঞ্জীত এক অভিনৱ সংযোজন ঘটিল৷ জিলাখনৰ পৰা প্ৰথমবাৰৰ বাবে ইউৰোপৰ তিনিখন দেশলৈ ৰপ্তানি কৰিলে ২০ কুইণ্টল ৰঙা বাওধানৰ চাউল৷ মাজুলীত ‘মাজুলী ৰিভাৰ বেংক ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী লিমিটেড’(Majuli River Bank Farmer Producer Company Limited)ৰ উদ্যোগত জিলা কৃষি বিভাগে হায়দৰাবাদৰ এক প্ৰতিষ্ঠানৰ জৰিয়তে উক্ত ৰঙা বাওধানৰ ৰপ্তানি বিপণন আৰম্ভ কৰে৷ এই উপলক্ষে মাজুলীৰ আউনীআটী হাইস্কুলৰ প্ৰাংগণত বিদেশলৈ ৰঙা চাউলৰ ৰপ্তানিৰ এক কাৰ্যসূচী আৰম্ভ হয়৷ মাজুলী জিলা অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে ফ্লেগ অফ কৰি বিদেশলৈ ৰঙা বাওধানৰ চাউল ৰপ্তানি কৰে৷ মাজুলী জিলা কৃষি বিভাগৰ কনছালটেণ্ট ড॰ ইমৰান হুছেইনে মাজুলীৰ কৃষি বজাৰখনত প্ৰচুৰ সম্ভাৱনা থকা বুলি কয়৷ ড॰ হুছেইনে জিংক আৰু আইৰন থকা ৰঙা বাও ধানৰ চাউলৰ উপযোগিতা আৰু বজাৰ সন্দৰ্ভত ব্যাখ্যা কৰে৷ অনুষ্ঠানত যোৰহাট জিলাৰ কৃষি বিষয়া বেণীমাধৱ বৰুৱা, অৱসৰপ্ৰাপ্ত কৃষি যুটীয়া সঞ্চালক অৰুণ কুমাৰ পাঠক, মাজুলীৰ তথ্য আৰু জনসংযোগ বিষয়া তাপস কুমাৰ বৰা, মহকুমা কৃষি বিষয়া ইৰজাদ আলী, কৃষি উন্নয়ন বিষয়া ৰাণী আমছৈ কছাৰীয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে৷ আটাইকেইজন সমল ব্যক্তিয়ে মাজুলীত প্ৰচুৰভাৱে উৎপাদন হোৱা ৰঙা বাও ধানৰ চাউলৰ চাহিদা ভাৰতৰ লগতে বিদেশৰ বিভিন্ন ৰাষ্ট্ৰত থকা বুলি উল্লেখ কৰি কৃষকসকলক এই চাউল অধিক হাৰত উৎপাদনৰ পৰামৰ্শ প্ৰদান কৰে৷ ইতিমধ্যে জিংক আৰু আইৰন প্ৰচুৰ পৰিমাণে ৰঙা বাও ধানৰ চাউলত থকা বুলি গৱেষকসকলে গৱেষণাত প্ৰকাশ কৰিছে৷ উল্লেখ্য যে উক্ত ২০ কুইণ্টল ৰঙা বাও ধানৰ চাউল ইউৰোপৰ তিনিখন দেশ ইংলেণ্ড, কানাডা আৰু অষ্ট্ৰেলিয়াত বিক্ৰী হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here