বন্যাত্বৰ আঁৰত থাকে নেকি যৌন সংক্ৰামক ৰোগ ?

0
185


বন্যাত্ব কেৱল দুৰ্ভাগ্যজনকে নহয়, বিভিন্ন ক্ষেত্ৰত ই সামাজিক জীৱনতো বাধাপ্ৰাপ্তিৰ প্ৰাচীৰ হিচাপে থিয় দিয়ে৷ সমাজৰ বিভিন্ন স্তৰৰ লোকে এনে দম্পতীক সন্দেহৰ চকুৰে চায়, সামাজিক কামৰ পৰা আঁতৰাই ৰাখে অথবা অশুভ বুলি জ্ঞান কৰিবলৈ লয়৷ এই সমস্যাটো এটা ঘৰে ঘৰে বিয়পি পৰা সমস্যা৷ ইয়াৰ লগতে পতি তথা পত্নীৰ বিচ্ছেদ, মনোমালিন্যৰ লগতে ঘৰৰ আন সদস্যসকলৰ পৰা কটু কথা শুনাৰ এক পৰিঘটনা এই বন্যাত্ব৷ পুৰুষ তথা নাৰী উভয়ৰে বন্যাত্বৰ আঁতৰ জীৱনৰ কিছু অনিয়ম থকা বুলি বিশেষজ্ঞসকলে দাবী কৰে৷ আনহাতে খাদ্যাভ্যাসৰ জটিলতা, শাৰীৰিক তথা মানসিক চাপ, কিছু শাৰীৰিক সমস্যা আদিৰ বাবে এই সমস্যা দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে৷ আনহাতে কিছুমান যৌন ৰোগৰ কাৰণেই এই বন্যাত্বৰ সমস্যা ভয়াৱহভাৱে বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে৷ এই ক্ষেত্ৰত কি কি যৌন ৰোগ হ’ব পাৰে বন্যাত্বৰ কাৰণ জানো আহক৷
যৌন ৰোগ হাৰ্পিছ হৈছে যৌনাংগৰ চাৰিওফালে খজুৱতি, অত্যন্ত বিষ আৰু যৌনাংগ ফুলি উঠে৷ সাধাৰণতে যৌন সম্পৰ্কৰ জৰিয়তে এই ৰোগ সংক্ৰমিত হয় আৰু এজনৰ পৰা আনজনলৈ বিয়পে৷ চিকিৎসকসকলৰ দ্বাৰা এই ৰোগ নিয়ন্ত্ৰণ কৰিব পৰা যায়৷ নাইচেৰা গনোৰিয়া নামৰ এবিধ বীজাণুৰ পৰা গনোৰিয়া নামৰ যৌন সংক্ৰমিত ৰোগবিধ হ’ব পাৰে৷ সাধাৰণতে যৌন সম্পৰ্কিত এইবিধ জটিল ৰোগ৷ গনোৰিয়া ৰোগবিধ যৌন সম্পৰ্কৰ জৰিয়তে এজন পুৰুষৰ পৰা এগৰাকী মহিলালৈ অথবা এগৰাকী মহিলাৰ পৰা এজন পুৰুষলৈ সংক্ৰমিত হয়৷ এই ৰোগত আক্ৰান্ত পুৰুষ তথা মহিলাৰ যৌনাংগত ঘাৰ সৃষ্টি হয় আৰু পাছত যৌনাংগত পূঁজ জমা হয়৷ এই পূঁজে যদি এজন পুৰুষ বা এগৰাকী মহিলাক যৌন সম্পৰ্কত জৰিয়তে স্পৰ্শ কৰে, তেন্তে আক্ৰান্ত ব্যক্তিজনৰ পৰা নিৰোগীজনলৈ সহজে সংক্ৰমিত হয় আৰু ৰোগে বিস্তাৰ লাভ কৰে৷ এই ৰোগৰ লক্ষণসমূহৰ ভিতৰত প্ৰস্ৰাৱ কৰোতে অধিক জ্বলা-পোৰা কৰা, কষ্ট পোৱা, মূত্ৰনলীত ঘা লগা আৰু পূঁজ ওলোৱা,বিষ অনুভৱ হোৱা আদি৷ এই ৰোগে জটিল ৰূপ ধাৰণ কৰিলে আনকি পুৰুষত্বও হেৰুৱাব পাৰে৷ মহিলাৰ ক্ষেত্ৰত যোনিৰ বিষ, পূঁজ ওলোৱা, হালধীয়া স্ৰাৱ ওলোৱা, যোনিৰ খজুৱতি, পেটৰ বিষ, ঋতুস্ৰাৱৰ সমস্যা আদি৷ ক্লমিডিয়া নামৰ যৌন ৰোগবিধ পুৰুষ আৰু মহিলা উভয়ে সংক্ৰমিত হোৱা ৰোগ৷ বেছিভাগ ক্ষেত্ৰতে এইবিধ ৰোগ লক্ষণবিহীন হিচাপে থাকে৷ নাৰীসকলে এই ৰোগত আক্ৰান্ত হ’লে পেলভিছৰ প্ৰদাহ হোৱা দেখা যায়৷ ইয়াৰ ফলত মহিলাসকলৰ ক্ষেত্ৰত সন্তান প্ৰসৱৰ সময়ত বিভিন্ন জটিলতা আহে৷ আনহাতে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত ক্ল’মাইডিয়াৰ সংক্ৰমণৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here