ভাৰতীয় খাদ্য-তালিকাৰ অন্যতম হৈছে আচাৰ৷ টেঙা-মিঠা-জ্বলা সোৱাদৰ এই আচাৰে দুগৰাহ ভাত বেছিকৈ পেটলৈ ঠেলি পঠিয়ায়৷ অকল ভাতেই নহয়, পৰঠা, ব্ৰেড, ৰুটী আদিৰ লগত আচাৰ খোৱাৰ উপৰি কিছুমান মানুহেতো সুদাই আচাৰ খাই পেলায়৷ বিভিন্ন ধৰণৰ ফল, পাচলি যেনে– গাজৰৰ পৰা আমলৈ, নেমু, জলকীয়া আনকি মাছেৰেও আচাৰ বনাই খোৱা হয়৷ কিছুমান এনেকুৱা মানুহো আছে, যাক প্ৰত্যেক সাঁজতে আচাৰ লাগে৷ আচাৰ নহ’লে যেন তেওঁৰ পেটলৈ খাদ্যই নাযায়৷ এতিয়া কথা হ’ল সদায় আচাৰ খোৱাটো উচিতনে?
কিছুমানে হয়তো ক’ব পাৰে যে আচাৰ একেবাৰে হেলথি খাদ্য হয়, কিয়নো আচাৰ ফল-মূল বা পাচলিৰে তৈয়াৰ কৰা হয়৷ কিন্তু ইয়াত ফল, পাচলি আদি থকাৰ উপৰি প্ৰচুৰ পৰিমাণে নিমখ দিয়া হেতু আচাৰত ছডিয়ামৰ পৰিমাণ অধিক হয় লগতে ইয়াত তেলো যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা হয়৷ এই কথা আমি সকলোৱে জানো যে অত্যধিক তেল আৰু নিমখ হাৰ্টৰ কাৰণে উপযোগী নহয়৷ কিয়নো ই শৰীৰত কলেষ্টৰেলৰ পৰিমাণ বৃদ্ধি কৰি বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে৷
তেলত হাইড্ৰেজেনেটেড ট্ৰেন্সফেট থাকে, যাক একেবাৰে বেয়া ফেট হিচাপে বিবেচনা কৰা হয়৷ এই ট্ৰেন্সফেটে LDL কলেষ্টৰেলৰ পৰিমাণ বৃদ্ধি কৰি ওজন বৃদ্ধি, হাৰ্টৰ অসুখৰ দৰে আন সমস্যাৰো সৃষ্টি কৰে৷ লগতে অত্যধিক নিমখেও উচ্চ ৰক্তচাপ, দেহত পানী জমা হোৱা আদি সমস্যাৰ সৃষ্টি কৰে৷ গতিকে আচাৰ খাই ভাল লাগিলেও সদায় বা প্ৰত্যেক সাঁজতে খোৱা উচিত নহয়৷