ঔষধি গুণসম্পন্ন উদ্ভিদৰ ভিতৰত এটা অন্যতম উদ্ভিদ হৈছে নিমগছ৷ এই উদ্ভিদ ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ ক্ৰান্তীয় তথা অৰ্ধক্ৰান্তীয় বনাঞ্চলত স্থানীয়ভাৱে হয়৷ ইয়াৰ বৈজ্ঞানিক নাম আজাডিৰাক্তা ইণ্ডিকা ( Azadirachta indica )৷ ই এবিধ খৰকৈ বৃদ্ধি পোৱা চিৰ সেউজীয়া উদ্ভিদ৷ ইয়াৰ উচ্চতা প্ৰায় ১৫ মিটাৰৰ পৰা ২০ মিটাৰপৰ্যন্ত হ’ব পাৰে৷ নিমৰ কুমলীয়া আগ আৰু ফুল ভাৰতত খাদ্যৰূপে ব্যৱহাৰ কৰা হয়৷ তামিলনাডুত নিমৰ ফুলৰ পৰা ভেপামপু ৰচম( veppampoo rasam ) নামৰ এবিধ খাদ্য প্ৰস্তুত কৰা হয়৷ কৃমিনাশক হিচাপে নিমৰ ৰস খুবেই কাৰ্যকৰী৷ নিমৰ অনেক গুণাগুণৰ কথা বিবেচনা কৰিয়েই বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক ‘একৈশ শতিকাৰ বৃক্ষ’ বুলি ঘোষণা কৰিছিল৷ বৰ্তমান বিশ্বত ই এণ্টিছেপটিক হিচাপেও পৰিচিত৷ ইয়াৰ ডাল, পাত, ৰস, শিপা সকলোখিনিয়ে দৰকাৰী৷ চৰ্মৰোগত নিমপাত সিজোৱা পানীৰে গা ধুলে সুফল পোৱা যায়৷ পেটত কৃমি বাঢ়িলে নিমগছৰ বাকলি চূৰ্ণ সৈন্ধৱ লৱণৰ লগত এসপ্তাহ খালে শৌচৰ লগত কৃমি নিৰ্গত হয়৷ কীট-পতংগই কামুৰিলে নিমগছৰ মূলৰ চাল বা পাত বতি ক্ষতস্থানত লগালে বিষ উপশম হয়৷ নিমৰ পাত বা নিমৰ চালেৰে নিয়মিত দাঁত মাজিলে দাঁত মজবুত হয়৷ ওকণীৰ সমস্যা থাকিলে নিমৰ পাত বতি পাতলকৈ মূৰত প্ৰলেপ দি এঘণ্টা পাছত ধুই দিব লাগে৷ এনে কৰিলে সুফল পাব পাৰি। ইয়াৰ উপৰি মুখৰ দাগ দূৰ কৰাত সৰ্বোত্তম ঔষধ হ’ল নিম৷ মুখমণ্ডলত শালমইনা হ’লে নিমপাতৰ ফেশ্বপেক ব্যৱহাৰ কৰিলে পৰিত্ৰাণ পোৱা যায়৷ কফজনিত বুকুৰ বিষত ৩০ টোপাল নিমপাতৰ ৰস কুহুমীয়া গৰম পানীৰ লগত দিনত তিনি-চাৰিবাৰ খালে বুকুৰ বিষ কমে৷ নিমৰ ডাল খৰি হিচাপেও ব্যৱহাৰ কৰা হয়৷ ইয়াৰ ডাল পুৰিলে ওলোৱা ধোঁৱাই মহ-ডাঁহ আদি খেদাত সহায়ক হয়৷ স্বপ্নদোষত ভোগা লোকে নিমগছৰ চাল পিচি ৰস উলিয়াই ৰাতি শোৱাৰ সময়ত গাখীৰ একাপত মিহলাই খালে যথেষ্ট সুফল পাব ৷ বহুমূত্ৰ ৰোগ, জণ্ডিচ, আলচাৰ আদি ৰোগত নিম অতি ফলপ্ৰসূ ঔষধি গছ৷ নিমগছে বায়ুমণ্ডল বিশুদ্ধ কৰি ৰাখে৷ সেয়ে ঘৰৰ চৌহদত নিমগছ ৰোপণ কৰি বিশুদ্ধ বায়ু সেৱন কৰাৰ লগতে এই গছৰ পৰা সহজে পাব পৰা সুফলবোৰ ভোগ কৰিবলৈ যত্ন কৰা উচিত। গতিকে আহক– আজিয়েই ঘৰৰ চৌহদত এজোপা নিমগছ ৰোৱাৰ সংকল্প গ্ৰহণ কৰোঁ।