ভাৰতৰ কেইবাখনো ৰাজ্যত জলসংকট

0
2257

গোটেই বিশ্বতে আজি জলসংকট প্ৰধান আৰু ভয়াৱহ সমস্যাৰূপে দেখা দিছে৷ আশংকা কৰা হৈছে– একমাত্ৰ পানীৰ বাবেই হয়তো তৃতীয় বিশ্ব যুদ্ধৰ সূচনা হ’ব পাৰে৷ এনে সন্ধিক্ষণত ২০১৫ চনত ‘নাছা’ই উপগ্ৰহৰ জৰিয়তে গ্ৰহণ কৰা আলোকচিত্ৰত দেখা গৈছে যে সমগ্ৰ বিশ্বৰ ৩৭টা বৃহত্তম জলাহভূমিৰ ভিতৰত ২১টাতে জলসংকটৰ সৃষ্টি হৈছে৷ বল্ডৰ্ ৱাইল্ডলাইফ ফাণ্ডৰ এক সমীক্ষা মতে ২০৫০ চনৰ ভিতৰত জলসংকটৰ সমস্যাৰ সন্মুখীন হ’ব বিশ্বৰ এশখন চহৰ৷ তাৰ ভিতৰত ভাৰতবৰ্ষৰ ৩০খন চহৰ– কলকাতা, ইণ্ডোৰ, অমৃতসৰ, পুনে, দিল্লী, মুম্বাই, জয়পুৰ, শ্ৰীনগৰ, বেংগালুৰু, কুঝিকুড আৰু বিশাখাপট্টনমকে ধৰি দাক্ষিণাত্যৰ কেইবাখনো চহৰত ভয়ানক জলসংকটৰ সৃষ্টি হ’ব৷ এই অঞ্চলসমূহত অস্বাভাৱিকভাৱে পানীৰ নাটনিয়ে দেখা দিব৷ এটোপাল খোৱাপানীৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা ব্যক্ত কৰিছে৷ বিশ্বৰ এশখন চহৰৰ ৩৫ কোটি লোক পানীৰ সংকটত পৰিব বুলি ডব্লিউ ডব্লিউ এফ নামৰ প্ৰতিষ্ঠানটোৱে জানিবলৈ দিয়ে৷ গৱেষকসকলে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় হিচাপে আপদকালীন পৰিস্থি্‌তিত সঠিক পৰিকল্পনাৰে আগবাঢ়িবলৈ পৰামৰ্শ আগবঢ়াইছে৷ অৱশ্যে আমাৰ ৰাজ্য অসম এনে তালিকাত নাই যদিও অদূৰ ভৱিষ্যতে এনে সংকটৰ সন্মুখীন হোৱাৰ আশংকা নুই কৰিব নোৱাৰি৷ সেয়ে সময় থাকোঁতেই আমি অধিক সাৱধান হোৱা প্ৰয়োজন৷ ভূগৰ্ভস্থ পানীৰ ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে৷ ভৱিষ্যতৰ কথা ভাবি বৰ্তমানৰ পৰ্যাপ্ততাৰ সময়ত পানীৰ অপচয় নকৰি পানী সংৰক্ষণ কৰাৰ চিন্তা কৰোঁ আহক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here