ঠাণ্ডাৰ দিনত নাক শুকান হৈ যোৱাৰ সমস্যা হয় নেকি ? Do your nostrils dry up in winter?

0
834

ঠাণ্ডাৰ দিনত প্ৰত্যেকৰে গাৰ ছাল শুকান আৰু খহটা হোৱাটো স্বাভাৱিক৷ ঠাণ্ডা জলবায়ু তথা ঠাণ্ডা বতাহৰ ফলত গাৰ ছালসমূহ ফাটিবলৈ আৰম্ভ কৰে৷ ইয়াৰ প্ৰথম প্ৰভাৱ পৰে আমাৰ নাকত৷ ঠাণ্ডাৰ দিনত নাকৰ সন্মুখভাগ শুকাই থকা বা নাকৰ ভিতৰ অংশ ঘনাই শুকাই যোৱাৰ অভিজ্ঞতা আপোনাৰ নিশ্চয় আছে৷ দেহত পানীৰ অভাৱ হ’লেও শুকান নাকৰ সমস্যাই দেখা দিয়ে৷ পিছে এনেকুৱা অৱস্থাত আপুনি কি কৰিব৷

(১) নাক শুকাই যোৱাৰ সমস্যা হ’লে আঙুলিত অলপ পেট্ৰলিয়াম জেলি লৈ নাকৰ বাহিৰৰ যি অংশত ফাটিছে আৰু নাকৰ ভিতৰৰ শুকান অংশত লগাই দিলে এই সমস্যা নিৰাময় হয়৷

Using petroleum jelly inside the nose can be problematic


(২) নাৰিকল তেলো এই ক্ষেত্ৰত বিশেষভাৱে কাৰ্যকৰী৷ ইয়াৰ বাবে দিনে কমেও তিনি-চাৰিবাৰমান নাকৰ ছালত নাৰিকলৰ তেল লগাওক৷ নাকৰ ভিতৰৰ শুকাই যোৱা অংশতো দুটোপালকৈ নাৰিকলৰ তেল দিলে সুফল লাভ কৰিব পাৰি৷

Oiling Nose (Ayurveda Nasya) : Benefits,Uses,How To Do It


(৩) বেবী ৱাইপছেৰে নাকৰ ভিতৰ অংশ অতি সাৱধানতাৰে পৰিষ্কাৰ কৰা উচিত৷ ই ছালখন চাফা আৰু মসৃণ হৈ থকাত সহায় কৰে৷

More Than 10 Uses Of Baby Wet Wipes You Didn't Realise


(৪) যিহেতু ঠাণ্ডাৰ দিনত আমাৰ পানী খোৱাৰ পৰিমাণ কমি যায়, সেয়েহে দেহত পানীৰ অভাৱ হৈ ছালখন শুকান হ’বলৈ আৰম্ভ কৰে৷ সেয়েহে যিমান পাৰি গৰম পানী, নেমুৰ ৰস, ডাব নাৰিকলৰ পানী, ফলৰ ৰস, চুপ আদি খাই শৰীৰটো হাইড্ৰেট কৰি ৰখা উচিত৷

8 Benefits You Can Get From Drinking Soup | TallyPress


(৫) গৰম পানীৰ ভাপ নাকেৰে ল’লেও শুকান ছাল তথা নাকৰ ভিতৰৰ অংশ শুকাই থকাৰ সমস্যাৰ পৰা ৰক্ষা পাব পাৰি৷

Myth busted: Steam inhalation does not help sinus infection | Health - Hindustan Times

LEAVE A REPLY

Please enter your comment!
Please enter your name here