দৈ আমাৰ সকলোৰে প্ৰিয়৷ দৈৰ প্ৰচুৰ উপকাৰিতা আছে বাবে ইয়াক ‘ছুপাৰ ফুড’ বুলিও কোৱা হয়৷ সাধাৰণতে গাখীৰৰ আশিংক ৰাসায়নিক বিক্ৰিয়া ঘটি গোট মৰা ৰূপটোৱেই হৈছে দৈ, যাৰ পুষ্টিকৰ গুণ যথেষ্ট পৰিমাণে থাকে৷ দৈত প্ৰচুৰ পৰিমাণে পোষক দ্ৰব্য থাকে বাবে আমাৰ দেহৰ বাবে অতি প্ৰয়োজনীয়৷
*দৈনিক দৈ খালে হৃদযন্ত্ৰৰ কাৰ্য সবল হয় আৰু হৃদযন্ত্ৰই সুচাৰুৰূপে কাম কৰে৷
*দৈত কেলচিয়াম যথেষ্ট পৰিমাণে পোৱা যায় বাবে হাড় মজবুত আৰু শক্তিশালী হোৱাত সহায় কৰে৷
*দৈ খালে পাচনতন্ত্ৰ শক্তিশালী হয়, হজম প্ৰক্ৰিয়া উন্নত হোৱাত দৈয়ে সহায় কৰে৷
ওজন হ্ৰাসৰ বাবে নিয়মিতৰূপে দৈ খাব লাগে৷
*দৈত কেলৰিৰ মাত্ৰা কম থাকে বাবে অতিৰিক্ত চৰ্বি হ্ৰাস কৰিবলৈ সহায়ক হয়৷
ছালৰ বাবে দৈ অতি উত্তম৷ মুখৰ দাগ, ছালৰ উজ্জ্বলতা, মসৃণতা আৰু নিমজ ছাল পাবলৈ *দৈনিক একাপকৈ দৈ সেৱন কৰিব পাৰে৷
দাঁতৰ বাবে দৈ যথেষ্ট উপকাৰী৷ দৈত কেলচিয়াম থাকে বাবে দাঁত মজবুত আৰু শক্তিশালী কৰি ৰাখে৷
*নিয়মিতভাৱে দৈ খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷
কিন্তু আপুনি মনত ৰাখিব যে দৈ কেতিয়াও চেনিৰ সৈতে একেলগে নাখাব৷ চেনিৰ সৈতে দৈৰ সেৱনৰ ফলত শৰীৰৰ উপকাৰিতাৰ মাত্ৰা হ্ৰাস পায়৷ চেনিৰ সৈতে দৈৰ ৰাসায়নিক বিক্ৰিয়া ঘটি আপোনাৰ শৰীৰৰ অনিষ্ট সাধন কৰিব পাৰে৷ সেয়েহে দৈৰ সৈতে চেনি কেতিয়াও খোৱা উচিত নহয়৷ ইয়াৰ উপৰি জ্বৰ, কাহ, চৰ্দি আদিত ভুগি থকাসকলে দৈ খাব নালাগে৷ ৰক্তপিত্ত ৰোগত ভোগাসকলেও ৰাতিৰ ভাগত দৈ খাব নালাগে৷