ম’বাইল ফ’নৰ অত্যধিক ব্যৱহাৰে স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলায়৷ বিশেষজ্ঞসকলে বাৰম্বাৰ এই সতৰ্কবাণী শুনাই আহিছে৷ বিশেষজ্ঞসকলে এই বুলিও সতৰ্ক কৰি আহিছে যে যিসকল লোকে দৈনিক দীঘলীয়া সময় ম’বাইল ফ’নত ব্যস্ত হৈ থাকে, তেওঁলোক বিভিন্ন ধৰণৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে আৰু ই তেওঁলোকৰ জীনত অতি কঠিন কৰি তুলিব পাৰে৷ শেহতীয়াকৈ আমেৰিকাৰ বিশেষজ্ঞসকলে এই বিষয়টোক লৈ কেইবাটাও অধ্যয়ন কৰিছিল৷ গভীৰভাৱে কৰা এই অধ্যয়নৰ পৰা জানিব পৰা মতে, প্ৰতিদিনে কমেও দুঘণ্টা বা তাতকৈ অধিক সময় ম’বাইল ফ’ন ব্যৱহাৰে ব্যক্তিৰ মনোযোগত প্ৰভাৱ পেলাব পাৰে৷ ডেইলী মেইলত প্ৰকাশিত এটা বাতৰিত এই কথা কোৱা হৈছে৷ বাতৰিটোৰ মতে, বিশেষজ্ঞসকলে এই বুলি মত প্ৰকাশ কৰিছে যে যিসকল লোকে একেৰাহে স্মাৰ্ট ফ’ন ব্যৱহাৰ কৰে তেওঁলোকৰ একাগ্ৰতা হ্ৰাস পোৱা আৰু ৰক্তচাপ বৃদ্ধি পাব পাৰে৷ এই অধ্যয়নবোৰৰ পৰা এই কথাও জানিব পৰা গৈছে যে সমগ্ৰ বিশ্বতে বিশেষজ্ঞসকলে স্মাৰ্ট ফ’ন ব্যৱহাৰ কৰা লোকসকলে সন্মুখীন হোৱা বিভিন্ন ধৰণৰ সমস্যাৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছে৷ তেওঁলোকে লাভ কৰা তথ্য অনুসাৰে বিশ্বত স্মাৰ্ট ফ’ন ব্যৱহাৰ কৰা লোকসকলৰ মনোযোগ হ্ৰাস পোৱা আৰু অতিমাত্ৰা সক্ৰিয়তাবিকাৰ ১০ণ বৃদ্ধি পাইছে৷ বিশেষজ্ঞসকলৰ মতে, শিশুসকলে সামাজিক মাধ্যম, টেক্স্ট মেছেজ চোৱা, সংগীত শুনা, চিনেমা বা টেলিভিছনৰ অনুষ্ঠান চোৱাকে ধৰি অত্যধিক মাত্ৰাত স্মাৰ্ট ফ’ন ব্যৱহাৰ কৰিলে স্বাস্থ্য তথা মগজুত বিৰূপ প্ৰভাৱ পৰে৷ শেহতীয়াকৈ জানিব পৰা মতে, ম’বাইল ফ’নৰ অত্যধিক ব্যৱহাৰে প্ৰাপ্তবয়স্ক লোকসকলৰ ৰক্তচাপ আৰু মানসিক উদ্বেগ বৃদ্ধি কৰে৷ গৱেষকসকলৰ মতে, সামাজিক মাধ্যমত বিভিন্ন ঘটনাৰ নতুন নতুন তথ্য দিয়া হয় আৰু ব্যৱহাৰকাৰীয়ে ইয়াৰ বিষয়ে জনাৰ বাবে বাৰে বাৰে স্মাৰ্ট ফ’ন চাবলৈ বিচাৰে৷ গৱেষকসকলে লগতে কয় যে স্মাৰ্ট ফ’ন অহৰহ ব্যৱহাৰ কৰি থকাসকলে নিজৰ মগজুক অকণো খালী কৰি নাৰাখে আৰু বিশ্ৰাম নিদিয়ে৷ তেওঁলোকৰ মনোযোগ অনবৰতে সেই দিশৰ প্ৰতি কেন্দ্ৰিত হৈ থাকে৷ আমেৰিকাৰ ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানী এলিয়াছ আবুজোদাহে কয় যে দীঘলীয়া সময় ইণ্টাৰনেটৰ সৈতে জড়িত হৈ থাকিলে মানুহৰ চিন্তা-ভাবনা সীমিত হৈ পৰে৷