ডাঃ দুলুমণি কলিতা
ফোনঃ ৮৬৩৮৭৪৯৪৯৪
“হাঁহিলে তুমি মুকুটা-মণি সৰে,
দুচকু ভৰিলেও মন নভৰে”
হাঁহিয়ে কঢ়িয়ায় সুখী মনৰ বতৰা, হাঁহিয়ে কঢ়িয়ায় আনক সুখী কৰাৰ বাসনা। হাঁহিয়ে বিয়পায় একাত্মীয়তাৰ বতৰা। প্ৰাণখুলি হাঁহি এটি মাৰিবলৈ আপোনাক ডালিমগুটীয়া নিৰোগী দাঁত দুপাৰিৰ কিন্তু নিতান্তই প্ৰয়োজন। জীৱনটো সুন্দৰময় কৰি তোলা হাঁহিটি ধৰি ৰাখিবলৈ হ’লে আমি দাঁত গজা দিনৰ পৰা আৰম্ভ কৰি দাঁত সৰা দিনলৈ গোটেই জীৱনজুৰি সমগ্ৰ মুখগহ্বৰ আৰু বিশেষতঃ দাঁত দুপাৰিৰ যতন ল’বই লাগিব। দুপাৰি সুস্থ, সুগঠিত, সমান, চিকচিকীয়া বগা দাঁতৰ লগতে সুগঠিত পাতল গুলপীয়া ৰঙৰ দাঁতৰ মাৰি বা মদা বা আলু নিৰোগী মুখগহ্বৰৰ পৰিচায়কস্বৰূপ।
মানৱ দেহৰ এক অতি গুৰুত্বপূৰ্ণ অংগ হ’ল দাঁত।খাদ্য দাঁতেৰে চোবাই ভালদৰে গুড়ি কৰি, গিলি দিয়াৰ পিছত সেইবোৰ পেটলৈ গৈ হজম হয়। দাঁতবোৰ সুস্থ-সবল অৱস্থাত নাথাকিলে খাদ্য ভালদৰে চোৱাব নোৱাৰি আৰু ইয়াৰ ফলত খোৱা খাদ্যবোৰো ভালদৰে হজম নহয়। আকৌ, যিসকল লোকৰ খাদ্য ভালদৰে হজম নহয়, তেওঁলোক নানা ৰোগত ভোগে। তদুপৰি অপৰিষ্কাৰ আৰু জীৱাণুৰ দ্বাৰা সংক্ৰমিত হোৱা দাঁতৰ পৰাও কেতবোৰ সমস্যাৰ উদ্ভৱ হয়।
আমাৰ দাঁতৰ বাহিৰৰ পৰা দেখা পোৱা বগা প্ৰলেপটো ‘এনামেল’ নামৰ খনিজপ্ৰধান পদাৰ্থৰে গঠিত হয়। এই এনামেল হ’ল মানৱ শৰীৰত উপলব্ধ কঠিনতম অংশ, যি হাঁড়তকৈও শক্তিশালী।
পুৱা শুই উঠি আৰু নিশা খাদ্যগ্ৰহণৰ পাছত, অৰ্থাৎ দিনে দুবাৰকৈ ব্ৰাছ কৰাৰ অভ্যাসে দাঁত আৰু মুখমণ্ডলক অণুজীৱৰ আক্ৰমণৰ পৰা বচাই ৰাখে। ব্ৰাছ কৰাৰ নিৰ্দিষ্ট পদ্ধতিসমূহ পালন কৰিব পাৰিলে মুখগহ্বৰৰ সুস্বাস্থ্য ৰক্ষা অধিক ফলপ্ৰসূ হৈ উঠে।
আমাৰ দেহটো এটা অতি উচ্চ পৰ্যায়ৰ কাৰ্যালয় আৰু মুখগহ্বৰ হ’ল তাৰ আদৰণী কক্ষস্বৰূপ। এই আদৰণী কক্ষৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দ্বাৰা দেহত দেখা দিব পৰা বিভিন্ন অসুখক প্ৰতিহত কৰিব পৰা যায়। যদিও অকণমান সচেতনতা আৰু কিছু যতনে মুখগহ্বৰক ৰোগমুক্ত কৰি ৰখাত যথেষ্ট সহায় কৰে, তথাপি মুখগহ্বৰ ভালদৰে পৰিষ্কাৰ কৰি নৰখাৰ ফলতে বেছিভাগে মানুহেই দাঁত আৰু মুখগহ্বৰৰ ৰোগত আক্ৰান্ত হোৱা দেখা যায়।
দাঁতৰ ৰোগ কেবল মুখতেই আবদ্ধ নাথাকে। দাঁতৰ আলু বিভিন্ন ধৰণৰ বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হোৱা বাবে বহুতো ৰোগে গা কৰি উঠিবলৈ মুখগহ্বৰত এখন উপযুক্ত ক্ষেত্ৰ লাভ কৰে৷ দাঁতৰ বাবে হোৱা এনে শৰীৰৰ আন অংশলৈ বিয়পি নাযায় বুলি ভুল ধাৰণা থকা লোকৰ সংখ্যা বেছি৷ কাৰণ আলুৰ ৰোগৰ বাবে হৃদৰোগ, ডায়েবেটিছ আদিয়ে জটিল ৰূপ ধাৰণ কৰিব পাৰে বুলি শেহতীয়াভাৱে গৱেষকসকলে মন্তব্য কৰিছে৷ কিয়নো, মুখত থকা বহুতো বেক্টেৰিয়া, ভাইৰাছ আদিয়ে খাদ্যৰ স’তে পেটত প্ৰৱেশ কৰে৷ আনকি এইবোৰ হৃদযন্ত্ৰলৈকে যোৱাৰো আশংকা নুই কৰিব নোৱাৰি৷ সেইবাবে আজি কালি হৃদৰোগৰ অস্ত্ৰোপচাৰৰ সময়ত দাঁত আদিৰ কিবা সমস্যা আছে নে নাই সেই বিষয়ে দন্ত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিবলৈ কোৱা হয়৷ গৱেষকসকলে এইবুলি মন্তব্য কৰিছে যে দাঁতৰ আলুৰ ৰোগৰ বাবে বিশেষকৈ পায়েৰীয়া থাকিলে হৃদৰোগ হোৱাৰ আশংকা বাঢ়ি যায়৷ এনে হ’লে বেক্টেৰিয়াৰ সংক্ৰমণ তেজলৈ বিয়পি পৰাৰ ফলত হৃদযন্ত্ৰৰ ভালভৰ ওপৰত প্ৰভাৱ পৰাৰ আশংকা থাকে। যেতিয়া দাঁতৰ আলুৰ সংক্ৰমণ ঘটে, তেতিয়া ইয়াৰ পৰা ওলোৱা সংক্রামক অর্থাৎ বেক্টেৰিয়া আদিয়ে তেজৰ মাধ্যমত মস্তিষ্কত প্ৰবেশ কৰি মস্তিষ্কৰ কোষ ধ্বংস কৰিব পাৰে৷ এনেধৰণৰ মস্তিষ্কৰ কোষ ধ্বংস মানেই স্মৃতিশক্তিৰ ওপৰত প্ৰভাৱ পৰা৷ গৱেষকসকলৰ মতে জিঞ্জিভাইটিছ নামৰ দাঁতৰ ৰোগ হ’লে বেক্টেৰিয়া আদিয়ে স্নায়ুত প্ৰভাৱ পেলোৱাৰ ফলত এলঝেইমাৰ ৰোগ আদিয়ে গা কৰি উঠাৰ সম্ভাৱনা থাকে৷ দাঁতৰ বিষৰ কথা নক’লোঁৱেই যেনিবা! সেইবাবে সকলোৱে দাঁতৰ স্বাস্থ্যৰ বিষয়ত সদায় গুৰুত্ব প্ৰদান কৰা উচিত। সময় থাকোঁতেই যদি ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেতিয়াহ’লে বিপদ ঘনীভূত হোৱাৰ আশংকাই অধিক৷
দাঁতৰ এই আটাইবোৰ সমস্যা আঁতৰাই ৰখাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল দাঁত পৰিষ্কাৰ কৰি ৰখাটো। এই সম্পৰ্কীয় আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানত নিত্য-নৈমিত্তিক কাৰ্য হিচাপে দন্তধাৱন নামেৰে উল্লেখ কৰিছে।
দাঁত পৰিষ্কাৰ কৰি ৰখিবলৈ পালনীয় নিয়মসমূহ এনেধৰণৰ-
১) শৌচাচাৰ বা মলত্যাগৰ পাছত দন্তধাৱন ক্ৰিয়াৰ বিধান আয়ুৰ্বেদত দিয়া হৈছে। প্ৰতিদিন দুবাৰকৈ দাঁত ব্ৰাছ কৰিব লাগে। পুৱাৰ ভাগত আৰু ৰাতি খোৱা-বোৱা কৰাৰ পিছত দাঁত ব্ৰাছ কৰাটো নিতান্তই আৱশ্যকীয়। ব্ৰাছ কৰোঁতে প্ৰতিটো দাঁততেই যাতে ভালদৰে ব্ৰাছৰ ঘঁহনি খায়, তাৰ প্ৰতি মন দিব লাগে।
২) আয়ুৰ্বেদত ব্ৰাছ কৰিবলৈ বিভিন্ন ঔষধি গুণযুক্ত গছৰ কোমল গাঁঠি নথকা ডাল ব্যৱহাৰ উল্লিখিত আছে। এই ডালৰ দৈৰ্ঘ্য ১২ আঙুলি (প্ৰায় ১৫ ছেণ্টিমিটাৰ) হ’ব লাগে। ঔষধি গুণযুক্ত এনে গছৰ ডালৰ সোৱাদ তিতা, কেহা বা জ্বলা হ’ব লাগে। মিঠা সোৱাদ আয়ুৰ্বেদ অনুসাৰে মুখৰ ক্ৰিমি (microorganism) বৃদ্ধি কাৰক বুলি কোৱা হৈছে।
৩) তিতা গছৰ ভিতৰত নিমক শ্ৰেষ্ঠ, জ্বলা গছৰ ভিতৰত কৰঞ্জ আৰু কেহা গছৰ ভিতৰত খদিৰ গছক উত্তম বুলি উল্লেখ কৰিছে। ইয়াৰ উপৰিও অৰ্ক, বাবুল, বট আৰু য়ষ্ঠিমধু গছৰ ডালৰ ব্যৱহাৰ আয়ুৰ্বেদত উল্লেখ আছে।
৪) দাতঁ ব্ৰাছ কৰিবলৈ ডালৰ আগ অংশ কোমল হ’ব লাগে যাতে দাঁতৰ আলুৰ কোনো ধৰণৰ ক্ষতি নহয়। ইয়াৰ বাবে গছৰ কোমল ডাল ভালদৰে চাফা কৰি আগ অংশ দাঁতেৰে কামুৰি (প্ৰায় ২ ছেঃমিঃ ডাঠ) মিহি কৰি ল’ব লাগে। এনে কৰা সময়ত গছৰ ডালৰ তিতা, জ্বলা বা কেহা সোৱাদে আৰু ঔষধি গুণে দাঁতত জমা হৈ থকা বীজাণুবোৰ ধ্বংস কৰে আৰু দাঁতত লাগি থকা অপকাৰী মিউক’প্ৰ’টিন নামৰ পদাৰ্থবিধক আঁতৰাই দিয়াত সহায় কৰে।
মুখ আৰু দাঁতৰ ওপৰত জমা হোৱা বীজাণুবোৰ এঠালতীয়া হয়। এইবোৰত মিউক’প্ৰটিন নামেৰে এবিধ পদাৰ্থ পৰি ৰয়। সেয়েহে যেতিয়াই দাঁত ভালদৰে চাফা কৰা নাযায়, তেতিয়াই দাঁতত জমা হোৱা মলিৰ লগতে মুখৰ বীজাণু তথা খাদ্যবস্তু বহুদিনলৈ থকাৰ ফলত টান হৈ মাটিৰ বা চূণৰ দৰে আৰু শেষত শিলৰ দৰে টান এবিধ পদাৰ্থলৈ ৰূপান্তৰিত হয়। ইয়াক কোৱা হয় ‘কেলকুলাছ বা টাৰটাৰ’। এই কেলকুলাছবোৰ বৈজ্ঞানিক পদ্ধতিৰে গুচাই নল’লে দাঁত গা অংশবোৰ বা গুৰিবোৰ চুটি হ’বলৈ আৰম্ভ কৰে। অৰ্থাৎ যাৰ সহায়ত দীঘল দাঁত এটা গাঁতত পোত গৈ লিগামেণ্টৰ সহায়েৰে সবলভাৱে লাগি থাকে, সেয়া দুৰ্বল হ’বলৈ আৰম্ভ কৰে। সেয়েহে দাঁতত কেতিয়াও টাৰ্টাৰ জমা হ’ব দিব নালাগে।
৫ ) দাঁত পৰিষ্কাৰ কৰা সময়ত দাঁত আৰু ব্ৰাছ মাজত ৪৫° কোণৰ ব্যৱধান ৰাখি অলপ চাপ প্ৰয়োগ কৰি দাঁত ঘঁহিব লাগে। অনে কৰিলে দাঁতৰ ফাকত ৰৈ যোৱা খাদ্যবস্তু ওলাই আহে আৰু দাঁত ভালদৰে চাফা হয়।
৬) খুব জোৰ দি দাঁত ব্ৰাছ কৰা আৰু টান খহটা ব্ৰাছ ব্যৱহাৰ কৰা অনুচিত। তেনে কৰিলে দাঁত ক্ষতিগ্ৰস্ত হ’ব পাৰে আৰু দাঁতৰ আলুত আঘাত লাগিব পাৰে।
৭) শেষৰ দাঁত সমুখৰ ফালৰ পৰা ঘূৰণীয়াকৈ ঘূৰাই ঘূৰাই দুই ফালে আৰু ওপৰ-তল কৰি মাজিব লাগে। তাৰ পাছত আগ-পাৰি দাঁতৰ ওপৰৰ দাঁতখিনি ওপৰৰ পৰা তললৈ আৰু তলৰ দাঁতখিনি তলৰ পৰা ওপৰলৈ মাজিব লাগে। তাৰ পাছত ঠিক একে নিয়মেৰে দাঁতৰ ভিতৰৰ অংশ আৰু ওপৰৰ অংশ ভালদৰে চাফা কৰিব লাগে। এনেদৰে ২-৩ মিনিট সময় ভালদৰে ব্ৰাছ কৰিলে দাঁতৰ গুৰিত লাগি থকা খাদ্য আৰু বীজাণুসমূহ আঁতৰি যায়।
৮) আমি অহৰহ খাদ্যবস্তু চোবাবলৈ দাঁত ব্যৱহাৰ কৰি থাকোঁ। সেইবাবে দাঁতৰ গুৰিত খাদ্য লাগি থকাটো স্বাভাৱিক। ইয়াৰ উপৰি আমি খোৱা খাদ্যবস্তুৰ বেছিভাগেই আম্লিক বিপাকৰ, যিয়ে মুখ গহ্বৰৰ অম্লতা অৰ্থাৎ pH বৃদ্ধি কৰে, এই আম্লিক পৰিৱেশত বীজাণুৰ পৰিমাণ দ্ৰুত গতিত বৃদ্ধি হয়। মুখত জমা হৈ থকা বীজাণুবোৰৰ বাবেই দাঁতৰ ৰোগ হয়। মন কৰিবলগীয়া কথা হ’ল এই বীজাণুবোৰ কেতিয়াও সম্পূৰ্ণৰূপে ধ্বংস কৰিব নোৱাৰি। কেৱল তাৰ উপস্থিতিহে কমাব পাৰি। সেয়ে ব্ৰাছ কৰোঁতে সদায় মনঃপুতি বৈজ্ঞানিক পদ্ধতিৰে কৰিলেহে তাৰ সুফল পোৱা যায়। দিনটোত কমেও দুবাৰ ব্ৰাছ কৰাটো আৱশ্যক।
৯) আয়ুৰ্বেদ অনুসাৰে ব্ৰাছ হিচাপে ঔষধি গছৰ ডালৰ ব্যৱহাৰ উল্লেখ আছে। প্ৰতিবাৰ ব্ৰাছ কৰিবলৈ নতুন ডাল ব্যৱহাৰ কৰিব লাগে বুলি কোৱা হৈছে কিন্তু বৰ্তমান সময়ত আধুনিকতাৰ ধামখুমীয়াতেই হওক বা ঔষধি গছৰ অভাৱতেই হওক, দাঁত ঘঁহিবলৈ গছৰ ডাল ব্যৱহাৰ নাই বুলিবই পাৰি। সময়ৰ লগত মিলিবলৈ আমি কিছুমান কাম কৰিব লগা হয়। ব্যৱহাৰ কৰিব বিচাৰিলেও হয়তো আমি আজিৰ দিনত এই ঔষধি গছবোৰ সকলো সময়তে সকলো ঠাইতে বিচাৰি নাপাওঁ। তেনেক্ষেত্ৰত আমি আয়ুৰ্বেদিক বিশেষ গুণবিশিষ্ট ঔষধিৰে টুথপেষ্ট বনাই ব্যৱহাৰ কৰিব পাৰোঁ। আজিকালি বজাৰতো এনে ঔষধি গুণযুক্ত হাৰ্বেল টুথপেষ্ট সহজতে সকলোতে কিনিবলৈ পোৱা যায়।
নিজে ঘৰতে বনাব পৰা আয়ুৰ্বেদিক টুথপেষ্ট নিৰ্মাণৰ দুটা আৰ্হি তলত উল্লেখ কৰা হ’ল-
(১) ত্ৰিকতু (শুকান আদা, জালুক, পিপ্পলি) চূৰ্ণ + ডালচেনি চূৰ্ণ + ইলাইচি চূৰ্ণ + তেজপাত চূৰ্ণ + সৈন্ধৱ লৱন + মৌ
(২) নিম পাতৰ চূৰ্ণ + ত্ৰিফলা চূৰ্ণ + সৈন্ধৱ লৱণ
১০) আয়ুৰ্বেদত দন্তধাৱন প্ৰক্ৰিয়াত মিঠা সোৱাদযুক্ত ঔষধিৰ প্ৰয়োগত বাধা দিছে। কিয়নো আয়ুৰ্বেদৰ মতে মধুৰ ৰসে দাঁতৰ কৃমি (জীৱাণু) বৃদ্ধি কৰে। কিন্তু কিছুমান বিশেষ পৰিস্থিতিত, যেনে-জিভা বা মুখগহ্বৰৰ ঘা আদি হৈ থাকিলে য়ষ্ঠিমধুৰ ডাল বা চূৰ্ণৰ ব্যৱহাৰৰ উল্লেখ আছে। আধুনিক গৱেষণা মতে ইয়াৰ Anti inflammatory আৰু wound বা ulcer heeling গুণ আছে।
১১) বজাৰত উপলব্ধ এডাল ব্ৰাছ ৩ মাহমানতকৈ বেছিদিন ব্যৱহাৰ কৰিব নালাগে। আলুৰ বেমাৰ হৈ থকা অৱস্থাত অতি কোমল ব্ৰাছ ব্যৱহাৰ কৰিব লাগে। ব্ৰাছ সদায় বিজ্ঞানসন্মতভাৱে টুথপেষ্টৰ সহায়ত আলুৰ পৰা দাঁতলৈ ঘঁহাৰ অভ্যাস কৰিব লাগে।
কেতিয়াবা যদি কিছুমান পৰিস্থিতিত দন্তধাৱন প্ৰক্ৰিয়াত বাধা থাকে, তেনেক্ষেত্ৰত অলপ হালধি গুৰি আৰু অলপ নিমখ কুহুমীয়া পানীৰ লগত মিহলাই ১২ বাৰ মুখ পখালিবৰ বিধান আয়ুৰ্বেদত উল্লেখ আছে। এইখিনিতে উল্লেখ্য যে হালধিত থকা কুৰ্কুমিন নামৰ পত্ৰ ৰাসায়নিক পদাৰ্থবিধ এণ্টি-কেঞ্চাৰ আৰু এণ্টিঅক্সিডেণ্ট বুলি প্ৰমাণিত হৈছে। আনকি আধুনিক চিকিৎসা বিজ্ঞানত শেহতীয়াকৈ কুৰ্কুমিন কেপচুল এণ্টি-কেঞ্চাৰ আৰু এণ্টিঅক্সিডেণ্ট হিচাপে চিকিৎসকে নিদানপত্ৰত লিখাও আৰম্ভ কৰিছে। আকৌ ডাকৰ বচনত তাহানিতে কৈছে – “দাঁতত লোণ, নাভিত তেল; সেই ঘৰত বেজৰ কি মেল”। অৰ্থাৎ দাঁত চাফা কৰিবৰ নিমিত্তে লোন মানে নিমখৰ ব্যৱহাৰৰ কথা আমাৰ সমাজত পৰম্পৰাগতভাৱেই প্ৰচলিত। সম্প্ৰতি আধুনিক চিকিৎসা বিজ্ঞানে বিজ্ঞাপন দি সোধে – “ক্য আপকা টুথপেষ্ট মে এক্টিভ ছ’ল্ট হে?” হালধিগুড়ি আৰু সৈন্ধৱ লৱণৰ মিশ্ৰণেৰে মুখ পখালিবলৈ বিধান দি আয়ুৰ্বেদে সেয়া ৫০০০ বছৰ আগতেই সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে কৈ থৈ গৈছে।
দন্তধাৱন প্ৰক্ৰিয়াৰ লাভালাভসমূহ –
১) মুখৰ দুৰ্গন্ধ নাশ কৰে
২) দাঁতত লাগি থকা অলাগতিয়াল পদাৰ্থ আঁতৰ কৰে
৩) মুখগহ্বৰ সাধাৰণ ক্ষাৰীয় কৰি ৰখাত সহায় কৰে
৪) খোৱাৰ ৰুচি বঢ়ায়
৫) দাঁত পোকে খোৱাৰ পৰা ৰক্ষা কৰে
৬) দাঁতৰ পৰা হ’ব পৰা বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে
৭) হজম প্ৰক্ৰিয়া সুচাৰুৰূপে চলাত সহায় কৰে
৮) দাঁত চিকণ কৰি মুখৰ সৌন্দৰ্য বজাই ৰাখে
বৰ্তমান সময়ত জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ পৰিৱৰ্তনৰ সমানুপাতিকভাৱে দাঁত আৰু মুখগহ্বৰত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱা দেখিবলৈ পোৱা হৈছে। কথাতেই কয় বোলে- “গছ কাটিলেই মূঢ়া, দাঁত সৰিলেই বুঢ়া”। অকালতে দাঁতহীন সোলা মুখৰ গৰাকী হ’বলৈ কাৰনো মন যাব! কিন্তু দুৰ্ভাগ্যৰ কথা যে পৃথিৱীৰ আন বহু দেশৰ তুলনাত আমাৰ দেশ ভাৰতবৰ্ষত দাঁত-বিষয়ক সজাগতা তেনেই চালুকীয়া অৱস্থাতেই আছে। দাঁতৰ বিভিন্ন বেমাৰ তথা মুখগহ্বৰৰ কৰ্কট ৰোগৰ বৰ্ধিত পৰিঘটনাবোৰ তাৰ সুস্পষ্ট প্ৰমাণ। আজিকালি দেখা যায় যে সৰু সৰু ল’ৰা-ছোৱালীহঁতক দাঁত গজা আৰম্ভ হ’লেই মাক-দেউতাকে ব্ৰাছডাল কিনি দিয়ে। কিন্তু ইমান যতনৰ পাছতো দন্তধাৱনৰ নিয়ম নজনা বাবে ৮০%ৰ ল’ৰালি কালত আৰু প্ৰায় ৯৫% মানুহৰ ডেকা বয়সতেই দাঁতৰ ৰোগ হোৱা দেখা যায়। হয়তো জীৱনত কোনেও এবাৰলৈ হ’লেও দাঁতৰ ৰোগত নোভোগাকৈ থকা নাই। সেয়েহে আমি দাঁতৰ এই আটাইবোৰ সমস্যাৰ পৰা আঁতৰি থাকিবলৈ প্ৰথমে দন্তধাৱন ক্ৰিয়াৰ আটাইবোৰ নিয়ম ভালদৰে মানি চলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত।