ৰাজ্যৰ জৈৱিকভাৱে উৎপাদিত খাদ্যৰে বিদেশৰ বজাৰ দখলৰ প্ৰয়াস

0
243

অসমত জৈৱিকভাৱে উৎপাদিত খাদ্য সামগ্ৰীৰে অসম চৰকাৰে দেশ-বিদেশৰ বজাৰ দখল কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে৷ তাৰে অংশ হিচাপে যোৱা সাত আগষ্টত কামাখ্যা ৰে’ল জংচনৰ পৰা নতুন দিল্লী অভিমুখে ৰে’লযোগে পঠিওৱা হৈছে ৰাজ্যত উৎপাদিত জহা চাউল, আইজং চাউল, ৰঙা চাউল, আনাৰস আৰু নেমু টেঙা৷ ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন জিলাৰ কৃষকে  উৎপাদন কৰা এইসমূহ খাদ্য সামগ্ৰী ইতিমধ্যে বিদেশত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ 
উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ে ৰূপায়ণ কৰা মিছন অৰ্গেনিক ভেলু চেইন ডেভেলপমেণ্ট আৰু বিশ্ব বেংকৰ অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ অধীনত  দুই মেট্ৰিকটন জহা চাউল, পাঁচ কুইণ্টল নেমু, এক মেট্ৰিকটন আইজং চাউল, ১৮ মেট্ৰিকটন আনাৰস, ৰঙা চাউল আদি নতুন দিল্লীৰ বজাৰ দখলৰ বাবে ৰে’লেৰে প্ৰেৰণ কৰা হয়৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোত সহযোগিতা আগবঢ়ায় চিমফেডে৷ এই সামদ্ৰীসমূহ কামাখ্যা ৰে’ল জংচনৰ পৰা নৰ্থ ইষ্ট এক্সপ্ৰেছযোগে পঠিওৱাৰ সময়ত অসম বীজ নিগমৰ বিপণন বিভাগৰ মহাপ্ৰবন্ধক হৰেন্দ্ৰ নাথ তালুকদাৰ, কৃষি তথ্য বিষয়া  মানৱজ্যোতি দাস, মহকুমা কৃষি বিষয়া লক্ষী দত্ত, চিমফেডৰ জ্যেষ্ঠ পৰামৰ্শদাতা চিন্ময় মহান্তি, উত্তৰ-পূব মণ্ডল মুৰব্বী ৰঞ্জন বৰুৱা উপস্থিত থাকে

LEAVE A REPLY

Please enter your comment!
Please enter your name here