ডেল্টা প্লাছ ভেৰিয়েণ্টৰ বাবে তৃতীয় ঢৌ নাহে: ICMR

0
1277
দেশত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয়টো ঢৌৱে হাহাকাৰ সৃষ্টি কৰাৰ পাছত এতিয়া তৃতীয় ঢৌক লৈ চিন্তা-চৰ্চা আৰম্ভ হৈছে৷ ইয়াৰ মাজতে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ, চমুকৈ ICMR-এ এইবুলি প্ৰকাশ কৰিছে যে ভাৰতত কৰ’নাৰ ডেল্টা প্লাছ ভেৰিয়েণ্টৰ বাবে তৃতীয়টো ঢৌৰ সৃষ্টি নহয়৷ আই চি এম আৰৰ প্ৰধান বিজ্ঞানী সমীৰণ পাণ্ডাই কয় যে বৰ্তমানলৈকে পোৱা ইংগিতৰ পৰা এই কথা ক’ব পাৰি যে ভাৰতত কৰ’নাৰ তৃতীয়টো ঢৌ দ্বিতীয় ঢৌৰ দৰে ভয়াৱহ নহ’ব, অৱশ্যে ইয়াৰ বাবে কৰ’নাৰ নীতি-নিৰ্দেশনা কঠোৰভাৱে পালন কৰিব লাগিব৷ 

তেওঁৰ মতে, তৃতীয়টো ঢৌ অহা-নহাটো ভালেমান বিষয়ত নিৰ্ভৰ কৰিব৷ ইয়াৰ লগতে কৰ’নাৰ নতুন ৰূপে মানৱ দেহৰ পুৰণা প্ৰতিৰোধ শক্তিক ভেদ কৰিব পাৰে, যাৰ ফলত সংক্ৰমণৰ হাৰ বৃদ্ধি পাব৷ পাণ্ডাই লগতে কয় যে আমি অনুশীলন কৰা মডেলত পোৱা মতে দেশত তৃতীয়টো ঢৌ আহিলেও ই দ্বিতীয়টোৰ দৰে ভয়াৱহ নহ’ব৷ টিকাকৰণৰ গতি অধিক ক্ষিপ্ৰ কৰিব লাগিব৷ আনহাতে বৰ্তমানৰ ভেক্‌চিন ডেল্টা প্লাছ ভেৰিয়েণ্টৰ ক্ষেত্ৰত কিমান কাৰ্যকৰী সেই প্ৰসংগত তেওঁ কয় যে আমাৰ ভেক্‌চিন যে ডেল্টা প্লাছৰ ক্ষেত্ৰতো কাৰ্যকৰী, তাত অকণো সন্দেহ নাই৷ কিন্তু কিমান কাৰ্যকৰী সেইটো তথ্য নোহোৱাকৈ এতিয়াই কোৱাটো কঠিন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here