ভয়ংকৰভাৱে প্ৰদূষিত হৈ আছে দিপৰ বিল৷ বিলখনৰ বুকুত থকা জলজ প্ৰাণীসমূহৰ জীৱনলৈ ভাবুকি নামি আহিছে৷ ইতিমধ্যে বিভিন্ন সময়ত ডাম্পিং গ্ৰাউণ্ডৰ লেতেৰা খাদ্য খায়ো বহুতো পৰিভ্ৰমী চৰাইৰ মৃত্যু হৈছে৷ দিপৰ বিলৰ পাৰিপাশ্বিৰ্কতাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ প্ৰতি লক্ষ্য ৰাখি বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰৰ বাবে সেউজ ন্যায়াধিকৰণেও নিৰ্দেশ দিছিল৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড স্থানান্তৰিত কৰিবৰ বাবে গ্ৰীন ট্ৰিবিউনেলেও নিৰ্দেশ দিছে বুলি সদৰী কৰি ডাম্পিং গ্ৰাউণ্ডৰ পৰা পাৰিপাশ্বিৰ্কতাৰ প্ৰতি যাতে কোনো ভাবুকি নাহে, সেয়ে অত্যাধুনিক প্ৰযুক্তিৰে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰাৰ বাবে আশ্বাস দিছিল৷
লগতে তেওঁ ভাৰতৰ অন্যান্য ৰাজ্যত অত্যাধুনিক প্ৰযুক্তিৰে কিদৰে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা হৈছে সেয়া প্ৰত্যক্ষ কৰিবৰ বাবে গুৱাহাটীৰ চাৰিটা সমষ্টিৰ বিধায়কক প্ৰেৰণ কৰিগুৱাহাটীৰ মাজতেই প্ৰতিটো সমষ্টিতেই একোটাকৈ অত্যাধুনিক ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা হ’ব বুলি জানিবলৈ দিছিল৷ কিন্তু কাৰ্যতঃ সেয়াও অসাৰ হ’ল৷ বিভিন্ন সময়ত দিপৰ বিলত চৰাই-চিৰিকটি আৰু জলজ প্ৰাণীৰ মৃতদেহ উদ্ধাৰ হৈ আহিছে৷ বিলৰ পানী প্ৰদূষিত হোৱাৰ লগতে বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডৰ লেতেৰা খাদ্য খোৱাৰ ফলতেই এই ঘটনা সংঘটিত হোৱা বুলি প্ৰকৃতিপ্ৰেমী লোকসকলে সদৰী কৰি আহিছে৷ কিন্তু বিলখনৰ প্ৰকৃত সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত চৰকাৰে বিশেষ গুৰুত্ব দিয়া নাই৷