মানুহৰ লগতে অইন জীৱ-জন্তুৰ পৰা তেজ শুহি খোৱা কীট-পতংগৰ ভিতৰত জোক অন্যতম৷ দেখিবলৈ কোমল, ঘূৰণীয়া, বলয়ী আকৃতিৰ জোকে কামুৰিলে সহজে এৰি নিদিয়ে৷ জোকে কামুৰিলে বিষ হয় আৰু ৰক্তক্ষৰণ হয়৷ এই জোক কোনোবা মানুহ বা জীৱ-জন্তুৰ সংস্পৰ্শলৈ আহিলে ২০ মিনিটপৰ্যন্ত দেহৰ তেজ শোষণ কৰি নিজে নিজে সৰি পৰে৷ যদিও জোকক বিভিন্ন ৰোগত থেৰাপি হিচাপে ব্যৱহাৰ কৰা হয়, তথাপি জোকে কামুৰিলে লগে লগে ইয়াক আঁতৰাই নিদিলে ইয়াৰ বিষাক্ত বেক্টেৰিয়া ছালৰ ভিতৰলৈ গৈ সমস্যাৰ সৃষ্টি কৰিব পাৰে৷
[১] জোকে কামুৰিলে লগে লগে নিমখ পানী বা ভিনেগাৰৰ সহায়ত জোকডাল এৰুৱাই ল’ব লাগে৷
[২] তাৰ পাছত আক্ৰান্ত অংশ ভালকৈ চাবোন পানীৰে ধুই তাত কেঁচা হালধি এডোখৰ পিহি জোকে কামোৰা ঠাইত প্ৰলেপ দিব লাগে৷ এনে কৰিলে তেজ ওলোৱা বন্ধ হয়৷
[৩] গৰম পানীৰ লগত হালধিৰ ৰস মিহলাই আক্ৰান্ত অংশত লেপ দিলে বিষৰ উপশম ঘটে৷
[৪] হালধিৰ ৰসৰ প্ৰলেপ লগোৱাৰ লগতে দৈনিক খালেও অতি সোনকালে জোকে কামোৰা ঘা শুকায়৷
গতিকে জোকে কামুৰিলে কোনো ধৰণৰ উত্তেজিত নহৈ এনেধৰণে ঘৰুৱা উপাচাৰ কৰি সুফল লাভ কৰোঁ আহক৷