মিনি লকডাউনৰ সুফল : মহানগৰীত বায়ুৰ গুণগত সূচাংক ভাল

0
1143
কৰ’না মহামাৰীয়ে ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীৰো জনজীৱন তচ্‌নচ্‌ কৰিছে৷ কাল কৰ’নাৰ ভয়াৱহ সংক্ৰমণত মহানাগৰিক জীৱন দুৰ্বিষহ হৈ পৰিছে৷ কৰ’নাৰ সংক্ৰমণ ৰুধিবলৈ ৰাজ্য চৰকাৰে মিনি লকডাউন, সান্ধ্য আইন জাৰি কৰিবলগীয়া হৈছে মহানগৰীত৷ কৰ’না সংকটৰ বাবে জাৰি কৰা সান্ধ্য আইনৰ পৰিপ্ৰেক্ষিতত যান-বাহনকে ধৰি সৰু-বৰ কল-কাৰখানা, উদ্যোগ আদি বন্ধ হৈ থকাৰ ফলত গুৱাহাটীত বায়ুৰ গুণগত সূচাংক বা এয়াৰ কোৱালিটি ইনডেক্স ভাললৈ আহিছে৷ 

গুৱাহাটীৰ বামুণীমৈদামত থকা অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ কাৰ্যবাহী পৰিৱেশ বিজ্ঞানী প্ৰতাপ কুমাৰ শৰ্মাই এই কথা জানিবলৈ দিছে৷ শৰ্মাই জনোৱা মতে, মহানগৰত বিগত এপ্ৰিল মাহৰ পৰা আজিপৰ্যন্ত বায়ুৰ গুণগত সূচাংক ভাল৷ বৰ্তমান গুৱাহাটীত বায়ুৰ গুণগত সূচাংক ৫০ৰ ভিতৰত আছে আৰু এয়াৰ কোৱালিটি ইনডেক্স ভাগ অনুসৰি শূন্যৰ পৰা ৫০লৈ ‘Good’ বুলি গণ্য কৰা হয়৷ আনহাতে ইনডেক্সৰ মান ৪০১ৰ ওপৰৰ হ’লে বিপজ্জনক হিচাপে ধৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here