জানেনে? মানৱ দেহত এবিধ অংগ : যি কংক্ৰিটতকৈও কঠিন !

0
925


কংক্ৰিট যথেষ্ট কঠিন৷ ইয়াক ভঙাটো সহজ নহয়৷ কথাতে কয় নহয় কংক্ৰিটৰ দৰে শক্তি৷ গতিকে কংক্ৰিট ভেদ কৰা মুখৰ কথা হ’ব নোৱাৰে৷ অথচ মানুহৰ দেহটো এনে এটা অংগ আছে, যি কংক্ৰিটতকৈও কঠিন বা টান৷ আমাৰ মানৱ দেহত এনে বহু কিছু আছে, যাৰ তথ্য লাভ কৰিলে আমাক অবাক কৰিব পাৰে৷ মনত এনেকুৱা ভাব আহিব পাৰে নিজৰ দেহত এনেধৰণৰ অসাধাৰণ অংগ আছেনে বাৰু!! কথাটো আচৰিত হ’লেও কিন্তু একেবাৰে সঁচা৷ সাধাৰণতে কংক্ৰিট হৈছে চিমেণ্ট বালিৰ সংমিশ্ৰণত তৈয়াৰী এবিধ বস্তু৷ যাৰ জৰিয়তে বিশাল বিশাল অট্টালিকা নিৰ্মাণত ব্যৱহাৰ হয়৷ কংক্ৰিটৰ ছাদ, দেৱালে যুগ যুগ ধৰি বাসযোগ্য কৰি ৰাখে৷ কংক্ৰিটেৰে দলং, ব্ৰীজ বা অতিকায় কোনো পৰিকাঠামো নিৰ্মাণতো ব্যৱহাৰ হৈছে৷ এই কংক্ৰিটতকৈও কঠিন তথা শক্তিৱন্ত অংগ আমাৰ মানুহৰ শৰীৰ আছে৷ মানৱ দেহত হাড় এক অবিচ্ছেদ্য অংগ৷ মুঠ ২০৬ ডাল হাড় মানৱ দেহত আছে৷ ইয়াৰ ভিতৰতে ফিমাৰ নামৰ এডাল হাড় পোৱা যায়৷ এই ফিমাৰ হাড়ডাল মানুহৰ উৰুত থাকে৷ এই উৰুত অৱস্থিত ফিমাৰ হাড়ডাল হৈছে কংক্ৰিটতকৈও কঠিন আৰু শক্তিশালী৷ এই হাড়ডাল ইমান শক্তিশালী যে কোনো দুৰ্ঘটনা বা ওখ ঠাইৰ পৰা পৰা, উৰুৰ ওপৰত গধুৰ বস্তু পৰা, গাড়ী, বাহন পাৰ হোৱা আদি দুৰ্ঘটনা হ’লেও ফিমাৰ হাড়ডাল সহজে নাভাঙে৷ আনহাতে কেতিয়াবা যদি কিবা কাৰণত ভাঙেও আৰু কেতিয়াও জোৰা নালাগে৷ ইয়াৰ অপাৰেশ্যন দ্বাৰা উলিয়াই তাৰ ঠাইত ধাতৱ ৰড বা পাতি লগাই স্ক্ৰু দিহে ভঙা অংশ পুনৰ কাৰ্যক্ষম কৰিব পৰা যাব৷ ইয়াৰ অন্যথা বিকল্প নাই৷ ফিমাৰ হাড়ডাল কঠিন হোৱাৰ উপৰি মানৱ দেহৰ সকলোতকৈ ডাঙৰ হাড় হিচাপে পৰিচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here