ঘৰুৱা উপায়েৰে উফিনিবাৰণৰ বাবে কি ব্যৱস্থা ল’ব?

0
129


শীতকালত ছালৰ যিদৰে বিভিন্ন সমস্যাই দেখা দিয়ে, একেদৰে চুলিৰো ভিন্ন সমস্যাৰ সৃষ্টি হয়৷ এই সময়ছোৱাত চুলি খুব ৰুক্ষ তথা শুষ্ক হয়৷ বায়ুত আদ্ৰৰ্তাৰ পৰিমাণ কমি যোৱাৰ বাবে শীতত ওঁঠ, ছাল, চুলি আদি ৰুক্ষ কৰি তোলে৷ যাৰ ফলত কম-বেছি পৰিমাণে সকলোৰে মূৰত উফিৰ সমস্যাই দেখা দিয়ে৷ সেয়ে শীতকালত ছালখনৰ লগতে চুলি যত্নতো বিশেষ গুৰুত্ব দিব লাগে৷ ঘৰুৱা উপায়েৰে উফি নিবাৰণৰ বাবে কি ব্যৱস্থা ল’ব জানো আহক৷
মূৰৰ উফিৰ স্কাল্পৰ অপৰিষ্কাৰ ৰখাটো অন্যতম কাৰণ হ’ব পাৰে৷ সেয়ে নিয়মিতভাৱে স্কাল্প ছেম্পুৰে পৰিষ্কাৰ কৰি ৰাখক৷ স্কাল্প পৰিষ্কাৰ নাৰাখিলে উফিৰ সমস্যা বাঢ়িব৷
নিমৰ পাতত আছে এণ্টি মাইক্ৰ’বিয়েল আৰু এণ্টি ইনফ্লেমেটৰিৰ দৰে উপাদান, যিয়ে ডেনড্ৰাফ নোহোৱা কৰিব পাৰে৷ মূৰৰ উফিৰ সমস্যা, মূৰৰ খজুৱতি আদি নিৰ্মূল কৰিবলৈ দৈনিক নিমপাতৰ ৰস উলিয়াই চুলিত লগাওক৷ ইয়াৰ বাবে এটা পাত্ৰত চাৰি চামুচ অলিভ অইল লৈ তাত কেইটামান নিমপাত গুৰি কৰি মিহলাই ল’ব৷ ভালদৰে মিশ্ৰণ হোৱাৰ পাছত এই মিশ্ৰণটো চুলি লগাই দিব৷ এঘণ্টা ৰখাৰ পাছত পৰিষ্কাৰ পানীৰে চুলিখিনি ধুই পেলাওক৷
পিঁয়াজৰ ৰসত এণ্টি বেক্টেৰিয়েল তথা এণ্টিফাংগেল উপাদান পোৱা যায়৷ ইয়াৰ উপৰি ভিটামিন-চি, ভিটামিন-বি৬ পোৱা যায়৷ ভিটামিন-চি ছালৰ বাবে উত্তম৷ উফিৰ লগতে চুলিৰ শুষ্কতা, চুলি সৰা আদিৰ বাবে পিঁয়াজৰ ৰস কাৰ্যকৰী হিচাপে কাম কৰে৷ ইয়াৰ বাবে পিঁয়াজৰ ৰস উলিয়াই আঙুলিৰে চুলিৰ গুৰিবোৰ ভালদৰে মাচাজ কৰি ল’ব৷ এঘণ্টামান ৰখাৰ পাছত ভাল পানীৰে চুলিখিনি ধুই পেলাওক৷
উফিৰ সমস্যাৰ বাবে নেমুৰ ৰস ঘৰুৱাভাৱে বেছ জনপ্ৰিয়৷ নেমুত প্ৰচুৰ পৰিমাণে চাইট্ৰিক এচিড, ভিটামিন-চি থাকে৷ এই উপাদানে চুলিখিনিক উফিৰ পৰা মুক্ত কৰে৷
আপেল চিডাৰ ভিনেগাৰে উফিৰ নিৰাময়ৰ বাবে অত্যন্ত উপকাৰী৷ আধা কাপ আপেল চিডাৰ ভিনেগাৰৰ সৈতে আধা কাপ পানী মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰক৷ এই মিশ্ৰণটো চুলি ভালদৰে লগাই মাচাজ কৰিব৷ ২০ মিনিটমান ৰখাৰ পাছত চুলিখিনি ধুই দিব৷ মনত ৰাখিব আপেল চিডাৰ ভিনেদাৰ বেছি সময় চুলিত ৰাখিলে চুলিৰ ক্ষতি হ’ব পাৰে৷
স্কাল্পৰ চিকিৎসা কৰিলে বা চুলিৰ অন্য সমস্যা থাকিলে চিকিৎসকৰ ওচৰ চাপি পৰামৰ্শ লওক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here