গা ধুবলৈ সময়ৰ অভাৱঘৰতে প্ৰস্তুত কৰক ড্ৰাই ছেম্পু

0
179


আজিৰ ব্যস্ততাময় জীৱনত সকলোৱে ৰুটিন মাফিক নিয়মত চলে৷ অৰ্থাৎ ঘড়ী আগতে দৌৰিলেহে দৈনিক কামবোৰ সিজে, নহ’লে, অন্যথা নানা পয়মাল হয়৷ কৰ্মব্যস্ত জীৱন-যাত্ৰা বহুতৰে খাবলৈ, শুবলৈ সময় নাইকিয়াৰ দৰেই হয়৷ তাৰ মাজতে সময় উলিয়াই দৈনন্দিন কাম-কাজবোৰ কৰিবলগীয়া হয়৷ বিশেষকৈ পুৱা উঠাৰ পাছতেই ৰুটিন আৰম্ভ হয়৷ দাঁত ব্ৰাছ মৰাৰ পৰা আৰম্ভ কৰি প্ৰাতঃকৰ্ম, ৰন্ধা-বঢ়া, খোৱা, পিন্ধা আদি সকলোবোৰ একে সময়তে কৰাৰ লেখীয়া হয়৷ নহ’লে অফিচলৈ যোৱাৰ পলম হ’লে ওপৰৱালাৰ কটু বাক্য শুনিবলগীয়া পৰে৷ যিয়েই নহওক, ইয়াৰ মাজতে বহুতেই গা ধোৱা কামতো বাদেই দিয়ে, বিশেষকৈ ঠাণ্ডাকালিতো কথাই বেলেগ৷ আপুনি গমি-পিতি ল’লে এসপ্তাহলৈকে গাত পানী নিদিয়া মানুহ ওলাব৷ টোপনিৰ পৰা উঠাত দেৰি হৈ গৈছে, আপোনাৰ হাতত সময় নাই, আপোনাৰ শৰীৰত কথাটো বাৰু বাদেই দিলোঁ, চুলিৰ অৱস্থা চাব নোৱৰা হৈছে, গোটেই চুলি আঠালেটীয়া, তেলতেলীয়া ভাব এটা হৈছে৷ তেনে অৱস্থাত ছেম্পপ নকৰিলে দেখাত অত্যন্ত বেয়া দেখা হৈছে৷ এনে সময়ত বহুতেই চুলিখিনিৰ সৌন্দৰ্য ধৰি ৰাখিবলৈ ড্ৰাই ছেম্পু ব্যৱহাৰ কৰে৷ বজাৰত সহজে পোৱা এইধৰণৰ ড্ৰাই ছেম্পুত অত্যধিক পৰিমাণে ৰাসায়নিক পদাৰ্থ মিহলোৱা থাকে৷ যিয়ে চুলিৰ চাইনিং কৰাত সহায় কৰে ঠিকেই, কিন্তু আপুনি নজনাকৈয়ে ছালৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব পাৰে৷ সেয়ে ছালৰ সুৰক্ষা অটুট ৰাখিবলৈ লগতে চুলিৰ যতনৰ বাবে ঘৰুৱাভাৱে কিছু উপাদান সংগ্ৰহ কৰি ড্ৰাই ছেম্পু প্ৰস্তুত কৰিব পাৰে৷ ঘৰুৱাভাৱে ড্ৰাই ছেম্পু তৈয়াৰ কৰিবলৈ এৰাৰুট বা কৰ্নষ্টাৰ্ছ ১-৪ কাপ, কোকো পাউডাৰ ১-২ চামুচ, এছেনছিয়াল অইল ৫-১০ ফোটাৰ আৱশ্যক হ’ব৷ এটা পাত্ৰত এই সকলো উপাদান মিহলাই ল’ব৷ এছেনছিয়াল অইল যেনে লেভেণ্ডাৰ, ৰোজমেৰি বা ট্ৰি টী মিহলাই লওক৷ মনত ৰাখিব এছেনছিয়াম অইল ব্যৱহাৰৰ ক্ষেত্ৰত সতৰ্ক হ’ব, কিয়নো অতিৰিক্ত অইল ব্যৱহাৰ কৰিলে হিতে বিপৰীতহে হ’ব৷ এটা বায়ুৰোধী কাচৰ বটলত এই মিশ্ৰণটো ৰাখি থ’ব পাৰে৷ প্ৰিজাৰভেটিভ কৰি নাৰাখিলে ড্ৰাই ছেম্পু সহজে নষ্ট হৈ যায়৷ আৱশ্যক অনুযায়ী আপুনি ইয়াৰ পৰা চুলিত ড্ৰাই ছেম্পু কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here