দুৰ্গা পূজাৰ বতৰ বুলি ক’লে আপোনাৰ মনলৈ প্ৰথমে কি আহে বাৰু? গৰম গৰম জেলেপি– নহয় জানো? জেলেপি নহ’লে যেন দুৰ্গা পূজাৰ আমেজেই আধৰুৱা৷ পিছে বহুতৰে ধাৰণা যে জেলেপি ময়দা আৰু অত্যধিক চেনিৰে প্ৰস্তুত কৰা হয়, যি শৰীৰৰ কাৰণে মুঠেও উপকাৰী নহয়৷ হয়, এই ধাৰণা একেবাৰে সত্য৷
পিছে গাখীৰৰ লগত জেলেপিৰ সেৱনে আপোনাক কেনেধৰণৰ উপকাৰ কৰিব পাৰে আপুনি জানেনে? উত্তৰ প্ৰদেশ, দিল্লী, হাৰিয়ানা আদি ঠাইত পুৱা ব্ৰেকফাষ্টত গৰম গাখীৰত জেলেপি ভিজাই খোৱাটো বেছ জনপ্ৰিয়৷ সোৱাদযুক্ত হোৱাৰ লগতে ইয়াৰ আছে কিছু পৰিমাণৰ লাভ৷ জানো আহক কি?
(১) পুৱা গাখীৰৰ লগত জেলেপি খালে মূৰৰ বিষ, মাইগ্ৰেইনৰ পৰা নিৰাময় পাব পাৰে৷
(২) আপুনি যদি অধিক ক্ষীণ হয়, তেন্তে পুৱা গৰম গাখীৰৰ লগত নাইবা দৈৰ লগত জেলেপি খোৱা কৰক৷
(৩) পৰীক্ষাৰ আগত যেতিয়া অধিক চিন্তা হয়, তেতিয়া জেলেপি খাওক৷ ই স্ত্ৰেচ হৰমনৰ পৰিমাণ কমায় লগতে কামত মনোযোগিতা বঢ়ায়৷
(8) দীৰ্ঘ সময়লৈ যৌন শক্তি বৃদ্ধি তথা উন্নত প্ৰজননত সহায় কৰে গাখীৰ আৰু জেলেপিয়ে৷
(৫) হাত-ভৰিৰ খহটা, গেৰোহা ফটা আদিত বাধা দিব পাৰে গাখীৰৰ সৈতে জেলেপিয়ে৷
(৬) গৰম গাখীৰৰ সৈতে জেলেপি ভিজাই খালে কাহ, চৰ্দি, এজমা আদিৰ দৰে ৰোগ নিৰাময়ত সহায়ক হয়৷