ক’লা তিল নে বগা তিল– কোনবিধ তিল স্বাস্থ্যৰ পক্ষে ভাল?

0
2038


শীতকালত প্ৰায়ভাগ লোকৰে ঘৰত তিলৰ দ্বাৰা তৈয়াৰী বিভিন্ন খাদ্যবস্তু উপলব্ধ হয়৷ তিলৰ আঞ্জা, তিল বটা আনকি অসমীয়া সমাজত বিহুৰ বতৰত তিলৰ লাড়ু-পিঠাই এক বিশেষ স্থান লাভ কৰে৷ তিল আমাৰ শৰীৰৰ কাৰণে খুবেই উপকাৰী৷ তিল দুই প্ৰকাৰৰ থাকে– ক’লা তিল আৰু বগা তিল৷ কিন্তু আপোনালোকে জানেনে এই দুইবিধ তিলৰ ভিতৰত কোনবিধ তিল আপোনাৰ শৰীৰৰ বাবে উপকাৰী৷ আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি বগা তিলতকৈ ক’লা তিলৰ সেৱনে আপোনাৰ শৰীৰক অধিক লাভ প্ৰদান কৰে৷ বগা তিলৰ তুলনাত ক’লা তিলত অধিক মাত্ৰাত আইৰন থাকে৷ ইয়াত ফাইবাৰো প্ৰচুৰ পৰিমাণে পোৱা যায়৷ ক’লা তিল আপোনাৰ স্বাস্থ্যৰ পক্ষে কিয় ভাল জানো আহক–
(১) ক’লা তিলত থকা কপাৰে অৰ্থৰাইটিছৰ সমস্যা দূৰ কৰে৷
(২) ইয়াত থকা মেগনেচিয়ামে হৃদপিণ্ড সুস্থ কৰি ৰাখে৷
(৩) তিলত প্ৰচুৰ পৰিমাণে কেলচিয়াম পোৱা যায়, যিয়ে মাইগ্ৰেন, অস্তিঅ’পৰ’ছিছ তথা কোলন কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰে৷
(৪) ক’লা তিলৰ বীজত ভৰপূৰ মাত্ৰাত মেগনেচিয়াম থাকে, যিয়ে উচ্ছ ৰক্তচাপ দূৰ কৰাত সহায় কৰে৷
(৫) এণ্টিঅক্সিডেণ্ট সমৃদ্ধ ক’লা তিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷
(৬) ক’লা তিলৰ সেৱনে মাতৃদুগ্ধ বৃদ্ধি কৰাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷
(৭) ক’লা তিলত থকা unsaturated ফেটি এচিডে পাচন প্ৰক্ৰিয়া সুচল কৰি ৰাখে৷ ই হজম শক্তি বৃদ্ধি কৰাৰ লগতে শৌচ খোলোচা কৰে৷
(৮) ক’লা তিলে চুলি আৰু ছালৰ সৌন্দৰ্য ধৰি ৰখাত বিশেষ ভূমিকা লয়৷
(৯) ক’লা তিলত প্ৰচুৰ পৰিমাণে ডায়েটেৰি প্ৰ’টিন, কেলচিয়াম আৰু এমিন’ এচিড পোৱা যায়, যিয়ে হাড়ৰ বিকাশৰ বৃদ্ধিত অৰিহণা যোগায়৷ ই হাড়ৰ লগতে মাংসপেশীও সবল কৰে৷
(১০) ক’লা তিলৰ সেৱনে মানসিক চাপ, দুৰ্বলতা, দুশ্চিন্তা দূৰ কৰে৷
(১১) কলেষ্টৰলৰ পৰিমাণ নিয়ন্ত্ৰণ কৰাৰ লগতে ডায়েবেটিছ, ষ্ট্ৰ’ক, হাৰ্ট এটেকৰ সম্ভাৱনা নাইকিয়া কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here