সুখাসন কৰিলে কি সুফল পাব?

0
2672

গ্ৰীকসকলে কৈছিল, সুস্থ দেহতহে সুস্থ মনৰ সৃষ্টি হয়৷ হয়, আমাৰ মন ভালে থাকিবলৈ হ’লে আমাক এটা সুস্থ আৰু নিৰোগী জীৱন-যাপনৰ প্ৰয়োজন৷ আমাৰ শৰীৰটোৰ সুস্বাস্থ্যৰ বাবে যেনেকৈ আহাৰৰ প্ৰয়োজন, ঠিক তেনেকৈ আসন, প্ৰাণায়াম আদিৰো প্ৰয়োজন আছে৷ প্ৰত্যেকদিনে নিয়মিতৰূপে ব্যায়াম কৰিলে শৰীৰৰ লগতে মনৰ একাগ্ৰতা আৰু শান্তিৰ বিকাশ হয়৷ এই আসনৰ ভিতৰত সুখাসন অন্যতম৷ পদ্মাসনৰ বিকল্পৰূপে সুখাসন কৰিব পাৰি৷ এই আসনক ‘ইজি প’জ’ বা সহজ আসন হিচাপেও কোৱা হয়৷ এই আসন কৰিবলৈ আৰামকৈ বহি ল’ব লাগে৷ ইয়াৰ বাবে কোমল গাৰু বা কম্বল আদিৰ ওপৰতো বহি ল’ব পাৰে৷ তাৰ পাছত ভৰি দুখন ভাঁজ কৰি আঁঠুৰ ওপৰত হাত দুখন ৰাখি পোন হৈ ধ্যানমুদ্ৰা ধাৰণ কৰিব লাগে৷ লক্ষ্য ৰাখিব লাগে যাতে গল, মূৰ, মেৰুদণ্ড আদিত জোৰ নপৰে৷ এতিয়া শৰীৰটোক ফ্লেক্সিবল ৰাখি চকুকেইটা মুদি প্ৰায় দহ মিনিটমান এই আসন কৰিব লাগে৷

(১) এই আসনে শৰীৰৰ মাংসপেশী আৰু গাঁঠিৰ শক্তি প্ৰদান কৰে৷
(২) মানসিক চাপ, দুশ্চিন্তা, ভাগৰ দূৰ কৰাত এই আসন উত্তম৷
(৩) শৰীৰৰ সন্তুলন বজাই ৰাখে৷
(৪) পিঠি অংশ মজবুত কৰে৷
(৫) ওজন হ্ৰাস কৰাত সহায় কৰে৷
(৬) ৰক্ত সঞ্চালন উন্নত কৰে৷
(৭) পাচন প্ৰক্ৰিয়া শিথিল কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here