কভিড প্ৰতিষেধক ভেক্‌চিন নল’লে নাপাব চৰকাৰী আঁচনিৰ সুবিধা

0
776

কভিড প্ৰতিষেধক ভেক্‌চিন নল’লে বঞ্চিত হ’ব লাগিব চৰকাৰী আঁচনিৰ পৰা৷ ‘নন ভেক্‌চিনেটেড পাৰ্ছন উইল বি ডিপ্ৰাইভড্‌ অব্‌ গৱৰ্নমেণ্ট ফেচিলিটীজ’ নীতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷ যাৰ ফলত অদূৰ ভৱিষ্যতে প্ৰতিষেধক ভেক্‌চিন নোলোৱা ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন চৰকাৰী সুবিধা বা আঁচনিৰ পৰা হিতাধিকাৰীসকল বঞ্চিত হ’ব লাগিব৷ গতিকে প্ৰতিজন নাগৰিকে দুয়োপালি ভেক্‌চিন ল’বই লাগিব৷ এজন নাগৰিকৰ বাবে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ভোটাৰকাৰ্ড থকাটো যেনেদৰে বাধ্যতামূলক, তেনেদৰে দুয়োপালি ভেক্‌চিন লোৱাৰ প্ৰমাণ-পত্ৰ থকাটো বাধ্যতামূলক হৈ পৰিব৷ কভিড প্ৰতিষেধক ভেক্‌চিন নল’লে খাদ্য সুৰক্ষা আঁচনিৰ অধীনত লাভ কৰি থকা বিভিন্ন সামগ্ৰী, প্ৰধানমন্ত্ৰী আৱাস যোজনা, জলজীৱন মিছনৰ বিশুদ্ধ খোৱাপানী সংযোগ, বিদ্যুৎ সংযোগ, ৰাজহুৱা যান-বাহনত যাত্ৰা কৰা আদিয়ে নহয়, আন আন সুবিধাসমূহৰ পৰা ভৱিষ্যতে বঞ্চিত হ’বলগীয়া হ’ব পাৰে৷ ইতিমধ্যে চৰকাৰী চাকৰিয়াল, ছাত্ৰ-ছাত্ৰী, ৰে’ল, বিমান, বাছ যাত্ৰাত ভেক্‌চিন লোৱাটো বাধ্যতামূলকভাৱে প্ৰযোজ্য কৰা হৈছে৷ ভেক্‌চিন নল’লে শিক্ষানুষ্ঠানৰ ছাত্ৰাৱাসত থকাটো বাৰণ কৰা হৈছে৷ চূড়ান্ত বৰ্ষৰ পাঠ গ্ৰহণতো অংশগ্ৰহণ কৰাত বাধা আৰোপ কৰা হৈছে৷ উল্লেখ্য যে ভেক্‌চিন প্ৰদানৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে যথোপযুক্তভাৱে প্ৰচাৰ চলোৱাৰ পাছতো এতিয়াও বহু লোকে  কভিড প্ৰতিষেধকৰ বাবে ভেক্‌চিন লোৱা নাই৷ এশ শতাংশ ভেক্‌চিন প্ৰদানৰ বাবে নিৰ্বাচনী কাঠামোৰ আধাৰত ভোট কেন্দ্ৰ ভিত্তিত ভেক্‌চিন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছতো ভেক্‌চিন লোৱাৰ পৰা আঁতৰত থকাসকলে ভৱিষ্যতে চৰকাৰী সকলো সা-সুবিধাৰ পৰা বঞ্চিত হ’বলগীয়া হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here