প্ৰবল বৰষুণ,বানপানী আদিৰ দৰে জল-বতৰ সম্বন্ধীয় (hydro-meteorological) বিপৰ্যয়ৰ বাবে এই বছৰ মাৰ্চলৈকে, যোৱা তিনি বছৰত ভাৰতত ৬,৮১১জন লোকৰ মৃত্যু হৈছে৷ চৰকাৰে সংসদত দিয়া তথ্যৰ পৰা এই কথা জানিব পৰা গৈছে৷ ইয়াৰ ভিতৰত শীৰ্ষত আছে পশ্চিম বংগ৷ পশ্চিম বংগত মৃত্যু হৈছে ৯৬৪জনৰ৷ পশ্চিম বংগৰ পাছতে আছে মধ্য প্ৰদেশ৷ মধ্য প্ৰদেশত মৃত্যু হৈছে ৯১৭জনৰ৷ আনহাতে তৃতীয় স্থানত থকা কেৰালাত মৃত্যু হৈছে ৭০৮জনৰ৷