আয়ুৰ্বেদিক চিকিৎসাৰে ছোৱালীৰ ৰক্তহীনতা নিয়ন্ত্ৰণৰ পদক্ষেপ

0
680


কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী স্মৃতি ইৰাণীৰ উপস্থিতিত দুয়োটা মন্ত্ৰ্যালয়ৰ মাজত বুজাবুজিৰ এখন চুক্তি স্বাক্ষৰিত হয়৷ অসমৰ ধুবুৰীকে ধৰি দেশৰ জিলাৰ কিশোৰীসকলৰ মাজত আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰে ৰক্তহীনতা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এক যুটীয়া প্ৰচেষ্টাৰ বাবে এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷ ‘মিছন উৎকৰ্ষ’ৰ অধীনত আয়ুস মন্ত্ৰ্যালয় আৰু মহিলা-শিশু বিকাশ মন্ত্ৰ্যালয়ৰ মাজত চুক্তিখন স্বাক্ষৰিত হয়৷ এই প্ৰকল্পৰ অধীনত সামৰি লোৱা আন চাৰিখন জিলা হ’ল ছট্টিশগড়ৰ বাস্তাৰ, ঝাৰখণ্ডৰ পশ্চিম চিংভূম, মহাৰাষ্ট্ৰৰ গড়চিৰলি আৰু ৰাজস্থানৰ ধোলপুৰ৷ এই জিলাকেইখনক সমগ্ৰ দেশৰ দুৰ্বল প্ৰদৰ্শন কৰা জিলা হিচাপে চিনাক্ত কৰা হৈছে, য’ত ৰক্তহীনতাৰ গড় হাৰ প্ৰায় ৬৯.৫ শতাংশ৷ পুষ্টিহীনতা সূচকৰ আধাৰত বিশেষকৈ ৰাষ্ট্ৰীয় পাৰিবাৰিক স্বাস্থ্য জৰীপ ৫ৰ আধাৰত প্ৰজনন বয়স গোটৰ মহিলাসকলৰ পুষ্টিগত ৰক্তহীনতাৰ হাৰ নিৰূপণ কৰা হৈছে৷ এই প্ৰকল্পটোৱে পাঁচখন জিলাৰ প্ৰায় দহ হাজাৰ অংগনৱাড়ী কেন্দ্ৰক সামৰি ল’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here