আপোনাৰ ভোক নলগা হৈছে নেকি?

0
1998

আপোনাৰ খোৱাৰ প্ৰতি অনিচ্ছা ভাব আহিছে নেকি? সময়মতে ভোক নালাগে নেকি? কোনো বস্তুৰে সোৱাদ পোৱা নাই নেকি? জিভা ডাঠ হৈছে নেকি? তেন্তে এয়া অৰুচি বা আভোকৰ কাৰণ হ’ব পাৰে৷ ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি জানো আহক–

(১) পানীত নেমুৰ ৰস মিহলি কৰি খালে অৰুচি দূৰ হয়৷
(২) আমলখিৰ ৰস নিয়মিতকৈ খালেও সুফল পোৱা যায়৷
(৩) পদিনাৰ ৰস মৌৰ লগত খালেও উপকাৰ পোৱা যায়৷
(৪) আদা কাটি নিমখৰ লগত সানি পানীত গৰম কৰি চেপি পানীখিনি খালে অৰুচি দূৰ হয়৷
(৫) ক’লা নিমখ, মৌজোল আৰু ডালিম মিহলি কৰি মুখত কিছুসময় ৰাখিব লাগে৷
(৬) ত্ৰিফলা গৰম পানীৰ লগত মিহলাই খালেও অৰুচি নোহোৱা হয়৷
(৭) জালুক পিহি তাত সামান্য নিমখ মিহলাই খালেও অৰুচি দূৰ হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here