আটা-চুজি-বেচন পোকৰ পৰা কিদৰে ৰক্ষা কৰিব ? How to protect atta, Suji and Besan from insects?

0
506
সাধাৰণতে সকলোৰে পাকঘৰত আটা, ময়দা, বেচন আদি মজুত থাকেই৷ কাৰণ লুচি, ৰুটী, পৰঠা বা পকৰা আদি বিভিন্ন খাদ্য সামগ্ৰী বনাওঁতে এইকেইবিধ অত্যাৱশ্যকীয় বস্তুৰ অতিকে দৰকাৰ হয়৷ এই আটা, ময়দা, বেচন আদি সংৰক্ষণ বা মজুত কৰি ৰখাৰ বাবে বৈয়াম বা অন্য পাত্ৰত থোৱা হয় যদিও কেতিয়াবা মজুতকৰণৰ ক্ষেত্ৰত বেছ সমস্যাৰ সৃষ্টি হয়৷ কিয়নো পোক-পৰুৱাৰ পৰা ৰক্ষা পাবলৈ বহু সময়ত সমস্যাত পৰিব লগা হয়৷ আটা, ময়দাত হোৱা পৰুৱাৰ পৰা ৰক্ষা পাবলৈ বা বহুদিনলৈ সংৰক্ষণ কৰি ৰাখিবলৈ কি কৰিব জানো আহক৷

(১) আটা বেছিদিন ভালে ৰাখিবলৈ আটা থোৱা পাত্ৰটোত কেইটামান নিমপাত ৰাখক৷ নিমপাতৰ সলনি তেজপাতো ৰাখিব পাৰে৷ এনেদৰে ৰাখিলে পোক, পৰুৱা আদিৰ পৰা মুক্ত হৈ থাকিব পাৰে৷

How To Prevent and Eliminate Weevils in Your Food | Pantry bugs, Weevils, Food


(২) ময়দা বা বেচনত সকলোতকৈ বেছি পোকে ধৰে৷ এইবোৰ ভালে ৰাখিবলৈ বন্ধ পাত্ৰত ৰাখিব লাগে৷ ইয়াৰ পেকেটবোৰ কটা বা ফুটা অৱস্থাত ৰাখিব নালাগে৷ কেইটামান ইলাচি ময়দাৰ পাত্ৰটোত ৰাখিলে পৰুৱাই নধৰে৷


(৩) চুজি বেছিদিন ৰাখিলে তাত পোকে ধৰাৰ প্ৰৱণতা বেছি থাকে৷ সেয়েহে চুজি বেছিদিনলৈ ভালে ৰাখিবলৈ চুজিখিনি শুকান কৰি ভাজি লওক৷ তাৰ পৰা ঠাণ্ডা হোৱাৰ পাছত কেইটামান ইলাচি মিহলাই এটা পাত্ৰত ভালকৈ সাঁফৰ মাৰি ৰাখি দিয়ক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here