নাৰিকলৰ পানীৰে মুখ ধোৱক ! পাওক আচৰিত লাভ (Surprising benefits of washing the face with coconut water)

0
348
ডাব নাৰিকলৰ পানীৰ উপকাৰিতাৰ বিষয়ে আপোনালোকে নিশ্চয় জানে৷ ইয়াৰ সেৱনে আমাৰ শৰীৰটোক ইলেক্‌ট্ৰলাইটছেৰে পৰিপূৰ্ণ কৰি দেহত পানীৰ সমতা স্থাপন কৰাত সহায় কৰে৷ পিছে ডাব নাৰিকলৰ পানী খোৱাৰ উপৰি আপুনি কেতিয়াবা মুখত লগাই পাইছেনে? যদি নাই তেন্তে আজিয়েই আৰম্ভ কৰক আৰু পাওক আচৰিত লাভ৷

(১) দৈনিক নাৰিকলৰ পানীৰে মুখ ধুলে ছালৰ উজ্জ্বলতা বৃদ্ধি হয়৷ যদি অধিক সুফল লাভ কৰিব বিচাৰিছে, তেন্তে নাৰিকলৰ পানীৰ লগত হালধি আৰু ৰঙা চন্দন মিশ্ৰণ কৰি লগাব পাৰে৷ এই উপকৰণে আপোনাৰ ছাল দাগবিহীন তথা মসৃণ কৰাত সহায় কৰিব পাৰে৷

Benefits of Coconut Water for Skin: How to Get That Dewy Glow


(২) নাৰিকলৰ পানীক মইশ্বৰাইজাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে৷ ই ছালৰ পৰা তেলেতীয়া ভাব নাইকিয়া কৰাত সহায় কৰে৷ তেলেতীয়া ছালৰ লোকৰ বাবে ই উত্তম৷


(৩) ৰ’দে পোৰা ছালতো নাৰিকলৰ পানী বিশেষভাৱে কাৰ্যকৰী৷ ইয়াৰ বাবে মুলটানি মাটিৰ লগত নাৰিকলৰ পানী মিশ্ৰণ কৰি লগাব লাগে৷

Multani Mitti Face Packs - Benefits & Top 5 Homemade Recipes | Multani mitti face pack, Multani mitti, Rose water for skin


(৪) দৈনিক নাৰিকলৰ পানী মুখত লগালে ব্লেকহেডছ, একণী, পিম্পল, ব্লেমিছ আদিৰ পৰা হাত সাৰিব পাৰি৷


(৫) আপোনাৰ যদি ছালখন শুকান হয়, তেন্তে নাৰিকলৰ পানীয়ে এই সমস্যা নিৰাময় কৰিব পাৰে৷

Parentune - Is Coconut Water Good for Babies? Quantity, Benefits, Best Time Give Coconut Water

LEAVE A REPLY

Please enter your comment!
Please enter your name here