আমাৰ সকলোৰে কিছুমান কাম যেনে– দৌৰা, জঁপিওৱা, বেগাই খোজকঢ়া, পথাৰত কাম কৰা আদি কৰিলে ভাগৰ লাগে৷ অৰ্থাৎ এইবোৰ কাম কৰিলে শাৰীৰিক শক্তি হ্ৰাস পায়৷ কিন্তু অলপ সময় জিৰালে শৰীৰৰ শক্তি পুনৰ ঘূৰাই পাওঁ৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে কাম কৰি ভাগৰ লাগিলে জিৰণি লোৱাতকৈ ব্যায়াম কৰিলে বেছি শক্তি পোৱা যায়৷ ব্যায়াম কৰি থকাৰ সময়ত শৰীৰটোৱে যিমান ভাগৰ অনুভৱ কৰে, ব্যায়াম কৰি উঠাৰ পাছত মন-মগজু যথেষ্ট সক্ৰিয় হৈ উঠে আৰু শৰীৰৰ সকলো দুখ-ভাগৰ, অৱসাদ দূৰ হয়৷ গৱেষণা কৰি পোৱা গৈছে যে শৰীৰত তেজ আৰু অক্সিজেনৰ সঞ্চালনে শৰীৰক অত্যধিক শক্তি প্ৰদান কৰে আৰু মানুহজনক সক্ৰিয় কৰি তোলে৷ সদায় ব্যায়াম কৰি থাকিলে শৰীৰৰ ভাগৰ অনুভৱ কম হয়৷ আনকি পোন্ধৰ মিনিট সময় খোজ কাঢ়িলেও ই আমাক যথেষ্ট শক্তি প্ৰদান কৰিব পাৰে৷ ব্যায়ামৰ জৰিয়তে আমাৰ শৰীৰত যথেষ্ট এণ্ডোৰফিন্ছ [endorphins] উৎপন্ন হয়৷ যিয়ে আমাৰ মগজুৰ সৈতে ক্ৰিয়া কৰি অৱসাদ দূৰ কৰাত সহায় কৰে৷ সেয়েহে আমি ভাগৰ লাগিলে লগে লগে জিৰণি নলৈ কিছু লঘু ব্যায়াম কৰি শৰীৰ সক্ৰিয় কৰি ৰাখো আহক৷