নিমখ অবিহনে আমি কোনো খাদ্যবস্তুৰ সোৱাদ নাপাওঁ৷ ব্যঞ্জনখনেই সোৱাদহীন হয় যদি নিমখ দিয়া নহয়৷ খাদ্য যিমানেই পৰিপাটী-সুস্বাদুকৈ নাৰান্ধক কিয় নিমখ নহ’লে সকলো মিছা৷ কিন্তু এটা কথা নিশ্চয় জানিবলগীয়া যে পৰিমাণতকৈ বেছি নিমখ খোৱাটো জানো উচিত৷ মুঠেও নহয়৷ শৰীৰত যেতিয়া বেছি পৰিমাণৰ নিমখ যায়, তেতিয়া মস্তিষ্কত এক বিশেষ কাৰ্য আৰম্ভ হ’বলৈ ধৰে৷ এই সময়খিনিত যদি খোৱা খাদ্যত নিমখৰ পৰিমাণ নকমাই, তেতিয়াহ’লে ভয়ানক বিপদৰ আশংকা থাকে৷
মস্তিষ্কৰ কোনো অংশত নিউৰন সক্ৰিয় হ’লে সেই অংশত ৰক্তপ্ৰবাহ বাঢ়ি যায়৷ ৰক্তপ্ৰবাহ বঢ়াৰ এই প্ৰক্ৰিয়াটোক নিউৰ’ভাস্কুলাৰ কাপলিং বোলা হয়৷ এই নিউৰ’ভাস্কুলাৰ কাপলিঙৰ ওপৰত নিৰ্ভৰ কৰিয়েই ফাংশ্যনাল মেগনেটিক ৰিচ’ৰ্ছ ইমেজিং টেষ্ট কৰা হয়৷ এই টেষ্টৰ ওপৰত ভিত্তি কৰিয়েই নিমখে কিদৰে মস্তিষ্কৰ ওপৰত কুপ্ৰভাৱ পেলায়, জানিব পাৰি৷ সেই বিষয়ে জৰ্জিয়া ষ্টেটৰ নিউৰ’ ছাৰ্জন বিভাগে এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে৷
জৰ্জিয়াৰ নিউৰ’ ছাৰ্জন বিভাগে এই গৱেষণা মস্তিষ্কৰ হিপোথেলামাছৰ ওপৰত কৰিছিল৷ হিমোথেলামাছে শৰীৰৰ গুৰুত্বপূৰ্ণ কাম যেনে খোৱা, শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণ আদি কৰে৷ গৱেষণাত দেখা হৈছে যে নিমখে আমাৰ মস্তিষ্কৰ এই অংশৰ ৰক্তপ্ৰবাহৰ যথেষ্ট পৰিৱৰ্তন ঘটায়৷ তথ্যত প্ৰকাশ পোৱা মতে যেতিয়া শৰীৰলৈ নিমখ বেছি যায়, তেতিয়া মস্তিষ্কত এই বিশেষ কাৰ্য আৰম্ভ হয়৷ শৰীৰত নিমখৰ পৰিমাণ বাঢ়িলে ছ’ডিয়ামৰ পৰিমাণ বঢ়াই দিয়ে৷ ইয়াৰ ফলস্বৰূপে নিৰ্দিষ্ট অংশৰ নিউৰনক সক্ৰিয় কৰে৷ এই নিৰ্দিষ্ট নিউৰনে ভাছোপ্ৰেছিন নামৰ এটা হৰমন ক্ষৰণত সহায় কৰে৷ ভাছোপ্ৰেছিনে শৰীৰত নিমখৰ ভাৰসাম্য বজাই ৰাখে যদিও গৱেষণা মতে এই সময়ত মস্তিষ্কৰ হিপোথেলামাছে তেজৰ চলাচলৰ পৰিমাণ কমাই দিয়ে৷ সাধাৰণতে আলঝেইমাৰ, ষ্ট্ৰ’ক আদিৰ দৰে ৰোগতহে মস্তিষ্কৰ ৰক্তপ্ৰবাহ কমে৷ কিন্তু অত্যধিক নিমখ খালেও এই সমস্যাই দেখা দিব পাৰে৷ গৱেষকৰ এই তথ্যই ভয়ংকৰ সমস্যাৰ ইংগিত দিয়ে৷ আনকি প্ৰাণঘাতী কিছু বেমাৰো হ’ব পাৰে বুলি গৱেষকৰ দলটোৱে আশংকা প্ৰকাশ কৰিছে৷
অতিৰিক্ত নিমখে শৰীৰৰ ছডিয়াম পৰিমাণ বঢ়াই দিয়ে৷ সেয়েহে এই ক্ষেত্ৰত নানা সমস্যাই দেখা দিব পাৰে৷
উচ্চ ৰক্তচাপ সমস্যাৰ বাবে দায়ী অতিৰিক্ত নিমখ সেৱন কৰাটো৷ ৰক্তচাপৰ সৈতে যিহেতু মস্তিষ্কৰ সম্পৰ্ক আছে, সেয়ে মস্তিষ্কৰো বিপদৰ আশংকা থাকে৷