Home Daily news ৰাষ্ট্ৰীয় সোৱা ৰিগ্‌পাৰ মূল্যৱান ঔষধি উদ্ভিদৰ সংৰক্ষণৰ লক্ষ্য

ৰাষ্ট্ৰীয় সোৱা ৰিগ্‌পাৰ মূল্যৱান ঔষধি উদ্ভিদৰ সংৰক্ষণৰ লক্ষ্য

কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লেহৰ ছাবু থাং অঞ্চলত ৰাষ্ট্ৰীয় সোৱা ৰিগ্‌পা প্ৰতিষ্ঠানৰ নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰে৷ এই নতুন আন্তঃগাঁথনিয়ে দেশখনত সোৱা ৰিগ্‌পাই আগবঢ়োৱা বিশাল সম্ভাৱনা অধিক উন্মোচিত কৰাত সহায় কৰিব আৰু সমৃদ্ধ হিমালয়ান ঔষধি ঐতিহ্যৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে অতি প্ৰয়োজনীয় মঞ্চও প্ৰদান কৰিব৷ নতুন চৌহদটো লাডাখ স্বায়ত্তশাসিত পাহাৰ উন্নয়ন পৰিষদৰ দ্বাৰা ১২০ কানাল এলেকাত বিকশিত কৰা হ’ব আৰু ই দেশৰ সোৱা ৰিগ্‌পাৰ অগ্ৰণী কেন্দ্ৰ হিচাপে কাম কৰিব৷ ৰাষ্ট্ৰীয় সোৱা ৰিগ্‌পা প্ৰতিষ্ঠানে হিমালয়ান অঞ্চলৰ মূল্যৱান ঔষধি উদ্ভিদৰ সংৰক্ষণত সহায় কৰাৰ উপৰি মানৱ ৰোগৰ সুচিকিৎসাৰ বাবে অধিক গৱেষণাত সহায় কৰিব৷ 
সোণোৱালে কয় যে পৰম্পৰাগত ভাৰতীয় চিকিৎসা তথা ঔষধি পদ্ধতিৰ শক্তি আৰু অপৰিসীম সম্ভাৱনাক ৰোগৰ পৰা আৰোগ্য হোৱাত আৰু জনসাধাৰণক এক মানসম্পন্ন জীৱন উপভোগ কৰাত সহায় কৰিবলৈ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিব লাগিব৷ আমাৰ সমৃদ্ধ ঐতিহ্যই সোৱা ৰিগ্‌পাৰ দৰে অনুশীলন প্ৰদান কৰিছে যি অনাদিকালৰ পৰা হিমালয় অঞ্চলৰ লোকসকলক বিশেষকৈ উপকৃত কৰি আহিছে৷ সোৱা ৰিগ্‌পা মেডিচিন এণ্ড ছাৰ্জাৰী [বি এছ আৰ এম এছ]ৰ স্নাতক পাঠ্যক্ৰম লাডাখ বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত ৫.৫ বছৰৰ পাঠ্যক্ৰম৷ এই ব্যৱস্থাই বিশেষকৈ অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশ আৰু লাডাখৰ লোকসকলৰ বাবে উৎসাহজনক বতৰা কঢ়িয়াই আনিছে য’ত এই পৰম্পৰাগত ঔষধি প্ৰথা যথেষ্ট জনপ্ৰিয়৷ সোৱা ৰিগ্‌পা হৈছে পৃথিৱীৰ অন্যতম পুৰণি, সঠিক নথিভুক্ত আৰু এক জীৱন্ত চিকিৎসা পৰম্পৰা৷ হিমাচল প্ৰদেশ, অৰুণাচল প্ৰদেশ, ছিকিম, লাডাখ আৰু অন্যান্য আন্তঃহিমালয় অঞ্চলৰ জনস্বাস্থ্য আৰু সামাজিক-সাংস্কৃতিক ব্যৱস্থাৰ বাবে ই অপৰিহাৰ্য অংগ হিচাপে বিবেচিত হৈ আহিছে৷ জনসাধাৰণৰ স্বাস্থ্য আৰু সুস্থতা, পুষ্টি, ফাৰ্মাচিউটিকেল আৰু প্ৰসাধনৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰাৰ ক্ষেত্ৰত সোৱা ৰিগ্‌পাৰ যথেষ্ট সম্ভাৱনা আছে৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...