ফাৰ্টিলিটি বঢ়াবলৈ পুৰুষে এইকেইবিধ খাদ্য খাওক

0
226

খাদ্য গ্ৰহণৰ ক্ষেত্ৰত পুৰুষে হওক বা মহিলা মনোযোগ দিয়াটো অতীৱ প্ৰয়োজন৷ বহু ক্ষেত্ৰত দেখা যায় যে দৈনন্দিন কৰ্মব্যৱস্থা বাবে পুৰুষসকলে নিজৰ খোৱাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়ে৷ অথবা মূৰত নাথাকে নিজৰ স্বাস্থ্যৰ যতনৰ কথা৷ এনেধৰণৰ অমনোযোগিতাই পাছলৈ ভয়াৱহ বিপদ ঘটাব পাৰে৷ পুৰুষৰ ফাৰ্টিলিটি বঢ়োৱাৰ ক্ষেত্ৰত কিছুমান বিশেষ খাদ্যই অৰিহণা যোগায়৷ এইবোৰৰ অভাৱ হ’লে ফাৰ্টিলিটি কমি গৈ পাছলৈ বন্ধ্যাত্বৰো চিকাৰ হোৱাৰ সম্ভাৱনা থাকে৷ সেয়েহে খাদ্য গ্ৰহণৰ ক্ষেত্ৰত পুৰুষসকলে বিশেষ মনোযোগ দিয়া উচিত৷ কিছুমান খাদ্য খালে পুৰুষৰ স্পাৰ্মৰ মান বহুগুণে বাঢ়ি যায়৷ আনকি শুক্ৰাণুৰ সংখ্যাও বাঢ়িবলৈ ধৰে এনে খাদ্য গ্ৰহণৰ কৰাৰ ফলত৷ জানো আহক কিধৰণৰ খাদ্য খালে পুৰুষৰ ফাৰ্টিলিটি বাঢ়ে৷
ব্ৰকলিয়ে শৰীৰ সুস্থ ৰখাত সহায় কৰে৷ ব্ৰকলিত বিটা কেৰ’টিন, ভিটামিন-চি, পটেচিয়াম আদি যথেষ্ট পৰিমাণে পোৱা যায়, যিয়ে ফাৰ্টিলিটি বঢ়োৱাত সহায় কৰে৷
সুস্বাদু ফল আপেল শৰীৰৰ পক্ষে উপকাৰী৷ পুৰুষৰ শাৰীৰিক সক্ষমতা বঢ়োৱাত এই ফলবিধে যথেষ্ট অৰিহণা যোগায়৷ আপেলত থকা খনিজ তথা এণ্টিঅক্সিডেণ্টে পুৰষৰ ফাৰ্টিলিটি বঢ়াই দিয়ে৷
কিউ নামৰ বিদেশী ফলবিধ দৈনিক সেৱন কৰিলে বহু পৰিমাণে ফাৰ্টিলিটি বাঢ়িব পাৰে৷ কিউত প্ৰচুৰ পৰিমাণে ভিটামিন-চি থাকে, যিয়ে শৰীৰৰ ইমিউনিটি বঢ়োৱাৰ সহায় কৰে৷ আনহাতে ইৰেকটাইল ডিছফাংচন কমোৱাত এইবিধ ফলে সহায় কৰে৷
ফলৰ ৰজা বুলি কলক কোৱা হয়৷ কলে শৰীৰৰ বিভিন্ন সমস্যা সমাধানত অৰিহণা যোগায়৷ কলত থকা ব্ৰোমেলিন এনজাইমে ছেক্সুৱেল ক্ষমতা বহুগুণে বঢ়াই তোলে৷ এইক্ষেত্ৰত পুৰুষৰ যৌন ক্ষমতা বঢ়োৱাত কলে সহায় কৰে৷
খাদ্য গ্ৰহণৰ সময়ত প্ৰতিদিনে এটাকৈ কণী খোৱা উচিত৷ কণীত ভিটামিন-বি, ভিটামিন-ডি, প্ৰ’টিন, লিউটিন আদি থাকে৷ এই উপাদানবোৰে ফাৰ্টিলিটিৰ পৰিমাণ বঢ়াই
 দিয়ে৷ ফলত পুৰুষৰ ক্ষেত্ৰত যৌন ক্ষমতা বৃদ্ধি পায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here