Home Daily news ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ শিশু বিজ্ঞানীৰ প্ৰকল্প উপস্থাপন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ শিশু বিজ্ঞানীৰ প্ৰকল্প উপস্থাপন

২৯সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক পৰ্যায়ত টিহুৰ পাঁচগৰাকী শিশু বিজ্ঞানীয়ে তেওঁলোকৰ বিজ্ঞান ভিত্তিক প্ৰকল্প উপস্থাপন কৰে৷ নলবাৰী জিলাৰ ১২গৰাকী শিক্ষাৰ্থীৰ সৈতে নিৰ্বাচিত হৈ টিহু ছোৱালী হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী দেৱাংগনা কলিতাই শিক্ষানুষ্ঠানখনৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী ভাস্বতী দেৱীৰ সহযোগত ‘ধান খেতি উৎপাদনত অপতৃণৰ প্ৰভাৱ’ শীৰ্ষক প্ৰকল্প উপস্থাপন কৰে৷ শিক্ষানুষ্ঠানখনৰ নৱম শ্ৰেণীৰ ছাত্ৰী বৃষ্টিমণি কলিতাই নৱম শ্ৰেণীৰ ছাত্ৰী ৰীমা দেৱীৰ সহযোগত উপস্থাপন কৰে ‘সংমিশ্ৰিত কৃষি প্ৰণালী’ শীৰ্ষক প্ৰকল্প৷ প্ৰকল্পৰ দুটাৰ গাইড দুগৰাকী আছিল শিক্ষানুষ্ঠানখনৰ বিজ্ঞানৰ শিক্ষয়িত্ৰী ক্ৰমে এচমিন আৰা বেগম আৰু পৰিণীতা বৰা৷ আনহাতে, টিহু বিবেকানন্দ বিদ্যা নিকেতনৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী জিষ্ণু প্ৰিয়া কলিতাই অষ্টম শ্ৰেণীৰ সঞ্জনা কাশ্যপৰ সহযোগত  ‘অপতৃণ আৰু এঙাৰ সাৰ : বহনক্ষমযুক্ত কৃষিৰ বাবে এক সম্ভাৱনীয়তা’ শীৰ্ষক প্ৰকল্প, অষ্টম শ্ৰেণীৰ নিকিতা ডেকাই তেওঁৰ সহযোগী স্তুতি শৰ্মাৰ সহযোগত উপস্থাপন কৰে  ‘পৰম্পৰাগত বীজ সংৰক্ষণ পদ্ধতি আৰু বৰ্তমানৰ বীজ সংৰক্ষণ পদ্ধতি : এক তুলনামূলক অধ্যয়ন’ শীৰ্ষক প্ৰকল্প৷ শিক্ষানুষ্ঠানখনৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ দৰ্শিত কাশ্যপে তেওঁৰ সহযোগী প্ৰাচুৰ্য হালৈৰ সহযোগত ‘থলুৱা কল পিঠাৰ সৈতে আধুনিক খাদ্যৰ এক তুলনামূলক অধ্যয়ন’ শীৰ্ষক প্ৰকল্প উপস্থাপন কৰে৷ প্ৰকল্পকেইটাৰ গাইড আছিল ক্ৰমে দ্বীপশেখৰ কলিতা, গৌৰৱ ঘোষ আৰু পৰিস্মিতা ডেকা৷ নলবাৰী জিলাৰ পৰা ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত শিশু বিজ্ঞানীসকলক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ নলবাৰী জিলাৰ সমন্বয়ক প্ৰদীপ মহন্ত, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, টিহু আঞ্চলিক ছাত্ৰ সন্থা, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ টিহু শাখা, অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ টিহু আঞ্চলিক সমিতি আদি দল-সংগঠনে শিশু বিজ্ঞানীসকলক অভিনন্দন জনাইছে৷ উল্লেখ্য যে অনলাইনযোগে ২৯সংখ্যক অসম ভিত্তিক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহল্ল২০২১ অনুষ্ঠিত হৈছে৷

Most Popular

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...

টাইগ্ৰীছৰ পাৰত ৰহস্যময় সাম্ৰাজ্যৰ সন্ধান লাভ !

টাইগ্ৰীছ নদীৰ কাষত এখন প্ৰাচীন মহানগৰৰ সন্ধান পোৱা গৈছে৷ এই মহানগৰখন প্ৰাচীন মিট্টানি সাম্ৰাজ্যৰ আছিল৷ এই নগৰখন মিট্টানিৰ...

ৰহস্যময় মৰুভূমি ! গৰম নহয়, য’ত বৰফ পৰে ক’ত জানেনে ?

পৃথিৱীত সৰু ডাঙৰ বিভিন্ন প্ৰকাৰৰ মৰুভূ্‌মি আছে৷ ইয়াৰ ভিতৰত ভাৰতৰ থৰ আৰু আফ্ৰিকাৰ থৰ মৰুভূমিৰ নাম নিশ্চয় শুনিছে৷ মৰুভূমিবোৰ সাধাৰণতে শুষ্ক, বালিময়...

শকত হোৱাটোও অপৰাধ: ভৰিব লাগে জৰিমনা ঃ ক’ত !

শৰীৰৰ ওজন বৃদ্ধি হোৱাৰ ফলত আমাৰ নানা শাৰীৰিক সমস্যাই দেখা দিয়ে৷ মেদবহুলতা বা ওজন বৃদ্ধিৰ লগত কেইবাটাও গুৰুতৰ ৰোগৰ সম্পৰ্ক আছে৷ ইয়াৰ...