সৌৰজগতৰ বাহিৰত ক্ষুদ্ৰতম গ্ৰহটো চিনাক্ত

0
381
আমাৰ সৌৰজগতৰ বাহিৰৰ গ্ৰহবোৰৰ ভিতৰত ক্ষুদ্ৰতম গ্ৰহটো বিজ্ঞানীসকলে চিনাক্ত কৰিছে৷ ডেই নিয়া গৰমৰ এই গ্ৰহটো মঙল গ্ৰহতকৈ অলপমান ডাঙৰ, বিশুদ্ধ লোৰ দৰে গাঢ় আৰু নিজৰ নক্ষত্ৰৰ চাৰিওফালে প্ৰতি আঠ ঘণ্টাত এপাক মাৰে (পৃথিৱীয়ে এপাক মাৰে এবছৰত)৷ গৱেষকসকলে কয় যে পৃথিৱীৰ পৰা ৩১ আলোকবৰ্ষ দূৰৈত থকা এই গ্ৰহটো তেওঁলোকে চিনাক্ত কৰিছে৷ বিজ্ঞানীসকল সেইবোৰ বহিগ্ৰৰ্হ চিনাক্ত কৰাত আগ্ৰহী, য’ত জীৱ-জন্তু জীয়াই থাকিব পাৰে৷ নতুনকৈ আৱিষ্কৃত জি জে ৩৬৭ বি নামৰ এই গ্ৰহটোত নিশ্চিতভাৱে জীৱৰ বাবে উপযোগী নহয়৷ কাৰণ ইয়াৰ পৃষ্ঠৰ উষ্ণতা তীব্ৰ, হয়তো গলিত লাভা৷ এই গ্ৰহটোৰ ব্যাস  ৯০০০ কিল’মিটাৰ ৷ উল্লেখযোগ্য যে পৃথিৱীৰ ব্যাস ১২,৭০০ কিল’মিটাৰ আৰু মঙল গ্ৰহৰ ব্যাস ৬,৮০০ কিল’মিটাৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here