Home Daily news ৰাষ্ট্ৰসংঘৰ সমীক্ষা মতে ২০৩০ চনৰ ভিতৰত পৃথিৱীৰ জনসংখ্যা কিমান হ’ব ?

ৰাষ্ট্ৰসংঘৰ সমীক্ষা মতে ২০৩০ চনৰ ভিতৰত পৃথিৱীৰ জনসংখ্যা কিমান হ’ব ?

বিশ্বত জনসংখ্যা বৃদ্ধি সন্দৰ্ভত অলপতে ৰাষ্ট্ৰসংঘ
ই এক সমীক্ষাৰ প্ৰতিবেদন প্ৰকাশ কৰিছে৷ বিশ্বৰ বৰ্ধিত জনসংখ্যাক লৈ কৰা সমীক্ষা অনুসৰি আগন্তুক ১৫ নৱেম্বৰ তাৰিখে বিশ্বৰ জনসংখ্যাই ৮০০ কোটি অতিক্ৰম কৰিব৷ জনা মতে ১৯৫০ চনত বিশ্বৰ জনসংখ্যা আছিল ২৫০ কোটি৷ লক্ষণীয় বিষয় যে প্ৰায় ৭২ বছৰ পাছত বিশ্বৰ জনসংখ্যা তিনিগুণ বৃদ্ধি পাইছে৷ আনহাতে ৰাষ্ট্ৰসংঘ
ই চলোৱা সমীক্ষা অনুসৰি ১৯৬০ চনৰ আৰম্ভণিতে বিশ্বত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছিল যদিও ইয়াৰ পাছতে সমগ্ৰ বিশ্বতে জন্মৰ হাৰ বৃদ্ধি পাবলৈ ধৰাত জনসংখ্যাৰ হাৰো অভাৱনীয়ভাৱে বৃদ্ধি হ’বলৈ ধৰে৷ আনহাতে ৰাষ্ট্ৰসংঘ
ৰ সমীক্ষা মতে ২০৩০ চনৰ ভিতৰত বিশ্বৰ মুঠ জনসংখ্যা হ’ব ৮৫০ কোটি৷ ২০৫০ চনত জনসংখ্যা বৃদ্ধি হ’ব ৯৭০ কোটি আৰু ২০৮০ চনত সমগ্ৰ বিশ্বতে ১০৪০ কোটিলৈ জনসংখ্যা বৃদ্ধি হোৱাৰ তথ্য লাভ কৰিছে৷ এইদৰে অভাৱনীয়ভাৱে জনসংখ্যা বৃদ্ধিৰ ফলত আৰ্থিক তথা সামাজিক বৈষম্য বৃদ্ধি হৈ এক অসন্তুলন পৰিৱেশ সৃষ্টি হ’ব৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,