ৰাতি শোওঁতে চুলি বান্ধি শোৱে নেকি ? Do you keep your hair tied while sleeping at night?

0
676
ৰাতি শোৱাৰ সময়ত বহুতৰে চুলি বান্ধি শোৱাৰ অভ্যাস আছে৷ বিশেষকৈ গৰমৰ দিনত যেতিয়া ফেনখন ওচৰতে লৈ শোৱা হয় নাইবা ঘামতে চুলি গালে-মুখে লাগি ধৰিলে যথেষ্ট অশান্তি পোৱা যায়৷ সেয়েহে বহুতেই ৰাতি শোওঁতে টানকৈ চুলিখিনি ওপৰলৈ বান্ধি থয়৷
What Can Happen to Your Hair If You Wear Ponytails Way Too Often / Bright Side

কিন্তু এনেদৰে চুলি বান্ধি শুলে ই আপোনাৰ চুলিখিনিৰ যথেষ্ট ক্ষতি কৰিব পাৰে৷ একেবাৰে টানকৈ চুলিখিনি বান্ধি থোৱাৰ ফলত চুলি সৰাৰ সমস্যাই দেখা দিয়ে৷ এনেদৰে শোৱাৰ ফলত Traction alopecia হোৱাৰ সম্ভাৱনাও থাকে৷

Can Traction Alopecia be Reversed? When Is It Too Late Too Late To Recover | Daniel Alain

Traction alopecia হ’লে বিশেষকৈ কপালৰ সন্মুখভাগৰ পৰা চুলি কমি আহিবলৈ ধৰে, কিয়নো ৰাতি শোওঁতে চুলিখিনি পাছৰ ফালে খুব জোৰকৈ টানি শোৱাৰ ফলত এনে সমস্যাই দেখা দিয়ে৷ লগতে মূৰৰ ছালত সৰু সৰু পিম্পল্‌ছ ওলোৱা, ৰঙা পৰা, খজুৱতি আদি সমস্যাৰো সৃষ্টি হয়৷
ইয়াক অতি সোনকালে ৰোধ নকৰিলে আপোনাৰ এনেদৰে চুলি সৰি এটা সময়ত তপা হোৱাৰ সম্ভাৱনাও বৃদ্ধি পাব পাৰে৷ সেয়েহে পৰাপক্ষত চুলি বান্ধি নোশোৱাৰ অভ্যাস কৰক৷ কিন্তু আপুনি যদি চুলি বান্ধিয়েই শুব বিচাৰিছে, তেন্তে একদম ঢিলাকৈ বেণি গুঁঠি শুব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here