Home Daily news ৰাজ্যত হ্ৰাস পাইছে প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ

ৰাজ্যত হ্ৰাস পাইছে প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ

অসমত প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰ যথেষ্ট হ্ৰাস পাইছে৷ দেশৰ স্বাস্থ্য সেৱা সূচকতো অসমে যথেষ্ট উন্নত প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে৷ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে গুৱাহাটীস্থিত অসম জল ভৱনত আই পি এ এছ ফাউণ্ডেশ্যনৰ সহযোগত আয়োজন কৰা স্বাস্থ্য মন্থন-চ্ছ্ৰত এই তথ্য প্ৰকাশ পাইছে৷  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অভিযান সঞ্চালক ড॰ এম এছ লক্ষ্মীপ্ৰিয়া, স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ সঞ্চালক ড॰ নীলমাধৱ দাস আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মুখ্য কাৰ্যালয়ৰ লগতে জিলা কৰ্মকৰ্তাসকলৰ উপস্থিতিত অনুষ্ঠিত কৰ্মশালা আৰু পৰ্যালোচনা সভাত অসমৰ জিলা চিকিৎসালয়সমূহ কাৰ্যক্ষম কৰা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়৷ 
স্বাস্থ্য মন্ত্ৰী মহন্তই উদ্বোধন কৰা অনুষ্ঠানত প্ৰতিখন জিলাৰ স্বাস্থ্য সেৱা প্ৰদৰ্শনৰ ভিত্তিত জিলা অনুসৰি কৰা পৰ্যালোচনা সভাত শিশু আৰু মাতৃসকলৰ স্বাস্থ্য কেনেদৰে উন্নত কৰিব পাৰি সেই বিষয়ে বিশদভাৱে আলোচনা কৰা হয়৷ উল্লেখ্য যে শেহতীয়া পৰিসংখ্যা অনুসৰি অসমে স্বাস্থ্য সেৱা সূচকত যথেষ্ট পৰিমাণে উন্নতি দেখুৱাবলৈ সক্ষম হৈছে৷ ২০২২-২৩ বৰ্ষৰ এপ্ৰিল-ছেপ্টেম্বৰত আৰু ২০২১-২২ বৰ্ষৰ এপ্ৰিল-ছেপ্টেম্বৰত অসমত প্ৰসূতিৰ মৃত্যুৰ সংখ্যা ৩৮৪গৰাকীৰ বিপৰীতে ২৮৯গৰাকীলৈ হ্ৰাস পোৱা বুলি জনা গৈছে৷ দুটা বছৰত এই হাৰ ২৫ শতাংশলৈ হ্ৰাস পাইছে৷ ইফালে ২০২২-২৩ বৰ্ষৰ এপ্ৰিল-ছেপ্টেম্বৰ মাহ আৰু ২০২১-২২ চনৰ এপ্ৰিল-ছেপ্টেম্বৰত ৰাজ্যত শিশুৰ মৃত্যুৰ সংখ্যা ৩,৮৪২টিৰ পৰা ৩,৫২৩টিলৈ হ্ৰাস পায়৷ বছৰটোত শিশুৰ মৃত্যুৰ হাৰ(৮.৩ শতাংশ হ্ৰাস পায়৷ স্বাস্থ্য মন্ত্ৰী মহন্তই স্বাস্থ্য সূচকৰ মান উন্নীতকৰণৰ বাবে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে কৰা প্ৰচেষ্টাৰ শলাগ লয়৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...