Home Daily news ৰাজ্যত স্থাপন কৰা হ’ব চাৰিশটা প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ

ৰাজ্যত স্থাপন কৰা হ’ব চাৰিশটা প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ

অনাগত দিনত অসমত ৪০০টা প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ স্থাপন কৰা হ’ব৷ গুৱাহাটীৰ উলুবাৰীত জন ঔষধি দিৱস অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা প্ৰকাশ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত ৮০০টা প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰ স্থাপন কৰাৰ লক্ষ্য স্থিৰ কৰিছে৷ আনহাতে ঔষধি আঁচনিৰ জৰিয়তে জন ঔষধি কেন্দ্ৰ স্থাপন কৰি জন স্বাস্থ্যৰ উন্নয়নৰ বাবে সুদূৰপ্ৰসাৰী ব্যৱস্থা গ্ৰহণ কৰা হৈছে  বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে জন ঔষধি কেন্দ্ৰবোৰত সকলো ধৰণৰ ঔষধ পৰ্যাপ্ত কৰাৰ ব্যৱস্থা কৰা হৈছে৷ ইফালে ভাৰতৰ জন ঔষধি কেন্দ্ৰসমূহত জন ঔষধি দিৱস উপলক্ষে সপ্তাহজোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে চলিত বৰ্ষৰ ৩১ জানুৱাৰীলৈকে দেশত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ৮৬৭৫টালৈ বৃদ্ধি পাইছে৷ এই আঁচনিখনৰ অধীনত দেশৰ প্ৰায় সকলো জিলাকে সামৰি লোৱা হৈছে৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ কুইন ওজা, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ৰমাকান্ত শৰ্মাকে আদি কৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...