Home Daily news ৰাজ্যত সুলভ নহয় সৰ্প দংশনৰ চিকিৎসা

ৰাজ্যত সুলভ নহয় সৰ্প দংশনৰ চিকিৎসা

ৰাজ্যৰ স্বাস্থ্য সেৱাৰ উন্নয়নৰ নামত ৰাজ্য চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছে যদিও কিছুমান স্পৰ্শকাতৰ বিষয়ত স্বাস্থ্য বিভাগ তথা ৰাজ্য চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে উপযুক্ত চিকিৎসা নোপোৱাৰ বাবে বহু লোকে প্ৰাণ হেৰুওৱাৰ ঘটনা ঘটি আহিছে৷ বিশেষকৈ প্ৰতিবছৰে বাৰিষাৰ সময়ছোৱাত অসমত বহু লোক সৰ্প দংশনত মৃত্যু হয় যদিও অতি স্পৰ্শকাতৰ এই বিষয়টোৰ সন্দৰ্ভত চৰকাৰ তথা স্বাস্থ্য বিভাগৰ উদাসীনতা পৰিতাপৰ বিষয়৷ এই সন্দৰ্ভত ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ কৰ্মী ড॰ দিব্যজ্যোতি শইকীয়াই কয় যে চৰকাৰ তথা স্বাস্থ্য বিভাগে সৰ্প দংশনৰ চিকিৎসাৰ বিষয়টোত সঠিকভাৱে মনোনিৱেশ নকৰি কেৱল এণ্টি-স্নেক ভেনাম বেজী যোগান ধৰিয়েই দায়িত্ব সামৰিছে৷ সৰ্প দংশনত আহত লোকৰ চিকিৎসাৰ বাবে চিকিৎসক-স্বাস্থ্য কৰ্মীৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে যদিও বিগত ৬-৭ বছৰৰ পূৰ্বে এই বিষয়ত স্বাস্থ্য বিভাগে একাংশ চিকিৎসকক মাষ্টৰ ট্ৰেইনাৰ হিচাপে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে যদিও পৰৱৰ্তী সময়ত বিষয়টোত বিশেষ গুৰুত্ব দিয়া নহ’ল৷ এই সন্দৰ্ভত বিভিন্ন  জিলাত অনুসন্ধান কৰি জানিব পৰা মতে, জিলাসমূহত সৰ্প দংশনৰ ৰোগীৰ বাবে আছুতীয়া কক্ষ, ডাক্তৰ-নাৰ্ছক প্ৰশিক্ষণ দিয়া বিষয়বোৰ কাৰ্যত পৰিণত নহ’ল৷ সমগ্ৰ অসমৰ চিকিৎসালয়সমূহত সজাগতা বা প্ৰশিক্ষণপ্ৰাপ্ত ডাক্তৰ-নাৰ্ছৰ ব্যৱস্থা কৰা নহ’ল৷ যাৰ বাবে কি সাপে খুঁটিলে
 বা সাপে খোঁটা ৰোগীক এণ্টি-স্নেক ভেনাম বেজী দিব পৰা হ’ব নে নাই তাৰো সিদ্ধান্ত যি কোনো চিকিৎসকে ল’ব নোৱাৰে৷ যাৰ বাবে উপযুক্ত সময়ত চিকিৎসা নোপোৱাৰ বাবে বহু লোকৰ মৃত্যু ঘটিছে৷ সজাগতাৰ অভাৱৰ বাবেও বহু লোকে অন্ধবিশ্বাসৰ বলি হৈ বেজৰ কাষ চাপি অৱশেষত নিজৰ আত্মীয়ক হেৰুৱাব লগা  লগা হৈছে৷ সেয়েহে এই সম্পৰ্ক উপযুক্ত ব্যৱস্থা গ্ৰহণেৰে অন্ধবিশ্বাস দূৰ কৰি সাধাৰণ নাগৰিকৰ জীৱন বচোৱাৰ ক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে তেওঁ চৰকাৰক আহ্বান জনাইছে মানৱ অধিকাৰ কৰ্মী ড॰ দিব্যজ্যোতি শইকীয়াই৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,