ৰাজ্যত কৰ’নাৰ সংক্ৰমণে যোৱা বছৰৰ দৰে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আশংকা

0
1880

স্বাস্থ্য বিভাগে তৎকালে সাৱধানতা অৱলম্বন নকৰিলে ৰাজ্যত কৰ’নাৰ সংক্ৰমণে পুনৰ যোৱা বছৰৰ দৰে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আশংকা কৰা হৈছে৷

অসমত নিৰ্বাচনী ধুমুহা পাৰ হোৱাৰ পাছত এতিয়া কৰ’নাৰ ভয়াৱহ সংক্ৰমণ আৰম্ভ হৈছে৷ ৰাজ্যত শেহতীয়াকৈ কৰ’নাৰ সংক্ৰমণ হঠাতে ঊধবৰ্মুখী হ’বলৈ আৰম্ভ কৰিছে৷ যোৱা ৬ এপ্ৰিলত অসমত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৯২জনলৈ বৃদ্ধি পায়৷ ৫ এপ্ৰিলত ৰাজ্যত নতুনকৈ ৭০জন লোক আক্ৰান্ত হৈছিল৷ তদুপৰি যোৱা ৬ এপ্ৰিলত অসমত কৰ’নাত আক্ৰান্ত হৈ ২জন লোক মৃত্যুমুখত পৰে৷ এনেদৰে হঠাতে সংক্ৰমণৰ হাৰ বৃদ্ধি পোৱাত এতিয়া জনসাধাৰণ উদ্বিগ্ন হৈ পৰিছে৷ স্বাস্থ্য বিভাগে তৎকালে সাৱধানতা অৱলম্বন নকৰিলে ৰাজ্যত কৰ’নাৰ সংক্ৰমণে পুনৰ যোৱা বছৰৰ দৰে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ আশংকা কৰা হৈছে৷ যোৱা ৬ এপ্ৰিলত জিলাখনত ২৬জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ আনহাতে যোৰহাট জিলাত ১৪জন, নগাঁও জিলাত ১২জন, ডিব্ৰুগড় জিলাত ৮জন, কাছাৰ-হোজাই-কামৰূপ-শোণিতপুৰ জিলাত ৫জনকৈ, গোলাঘাট আৰু শিৱসাগৰ জিলাত ৩জনকৈ, তিনিচুকীয়া জিলাত ২জন লোক নতুনকৈ ক’ৰনাত আক্ৰান্ত হৈছে৷ এই সময়ত অসমৰ ১৫খন জিলাত কৰ’নাৰ সংক্ৰমণ অব্যাহত আছে৷ যোৰহাট জিলাত ভয়াৱহ ৰূপত পুনৰ কৰ’নাৰ সংক্ৰমণ আৰম্ভ হোৱাত সতৰ্কতামূলক পদক্ষেপ হিচাপে জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে৷ একেদৰে শিৱসাগৰ জিলাতো নতুনকৈ কেইবাজনো লোক কৰ’নাত আক্ৰান্ত হোৱাৰ বাবে সতৰ্কতামূলক পদক্ষেপ হিচাপে জিলা প্ৰশাসনে সমগ্ৰ জিলাত কভিড প্ৰট’কল কঠোৰভাৱে মানি চলাটো বাধ্যতামূলক কৰাৰ লগতে জিলাখনত ১৪৪ ধাৰা জাৰি কৰিছে৷ অসমত যোৱা বছৰৰ পৰা এইপৰ্যন্ত মুঠ ২,১৮,৮৩২জন লোক কৰ’নাত আক্ৰান্ত হৈছে৷ কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা তথ্য অনুসৰি অসমত সম্প্ৰতি কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা ২,০৩০৷ আনহাতে নগাঁৱত যোৱা ৭ এপ্ৰিলত পুনৰ চাৰিজন কভিডত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰিছে৷ ইয়াৰ ভিতৰত এটি শিশু আৰু এটি কিশোৰো আছে৷ শোণিতপুৰত যোৱা দুদিনত ১৩ গৰাকীৰ শৰীৰত কৰ’নাৰ অৱস্থিতি ধৰা পৰিছে৷ দৰঙতো দুজনৰ দেহত কভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে৷ স্বাস্থ্য বিভাগৰ এক সূত্ৰই জনোৱা মতে, কৰ্মসূত্ৰে গুৱাহাটীত থকা দৰঙৰ দুজন লোকৰ শৰীৰত কভিড-১৯ৰ সংক্ৰমণৰ তথ্য বুধবাৰে নিশ্চিত কৰা হৈছে৷ শেহতীয়াভাৱে বৰপেটা জিলাতো তিনিজন ব্যক্তিৰ দেহত ধৰা পৰিছে কৰ’না ভাইৰাছৰ উপস্থিতি৷ বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ এক সূত্ৰই সদৰী কৰা মতে, লোক তিনিজনৰ এজন নিৰাপত্তা বাহিনীৰ লোক৷ শেহতীয়াকৈ সোণাপুৰত ২০জন ছাত্ৰৰ দেহত কৰ’না ভাইৰাছৰ অৱস্থিতি পোৱা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here