ৰাজ্যত মানৱ দেহৰ অংগ ব্যৱসায়ৰ ভয়ংকৰ তথ্য

0
833
মানৱ অংগৰ অবৈধ বেহাৰ ঘটনাই সমগ্ৰ ৰাজ্যখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মৰিগাঁও জিলাৰ ধৰমতুলত মানৱ অংগ কিডনীৰ অবৈধ ব্যৱসায়ৰ কথা সদৰী হোৱাৰ পাছত অনুৰূপ আন এক ঘটনা পোহৰলৈ আহিছে৷ ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত মদাৰখাত মৌজাৰ ঘোঁৰামৰা উপ-আৰক্ষী চকীৰ অধীনৰ তথা সমীপৰ চেংলিজান চাহ বাগিচাত মানৱ দেহৰ অংগ ব্যৱসায়ৰ কথা পোহৰলৈ অহাত সমগ্ৰ অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ চাহ বাগিচাখনৰ সহজ-সৰল শ্ৰমিকসকলক ধনৰ প্ৰলোভন দেখুৱাই এচাম অসাধু লোকে এই মানৱ দেহৰ অংগৰ ব্যৱসায়ত নমোৱা বুলি মুকলিকৈ ব্যক্ত কৰিছে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া তথা অঞ্চলটোৰ এগৰাকী সক্ৰিয় সমাজকৰ্মী হেমন্ত কুজুৰে৷ চেংলিজান চাহ বাগিচাৰ পকা লাইনৰ চনাৰাম কৰ্মকাৰ নামৰ ব্যক্তিজনৰ পুত্ৰ ৰামু কৰ্মকাৰে প্ৰায় আঠ মাহৰ পূৰ্বে নিজৰ পত্নীৰ সৈতে কলকাতাত গৈ কিড্‌নী বিক্ৰী কৰি থৈ আহে আৰু বিনিময়ত চাৰে তিনি লাখ টকা লাভ কৰা বুলি জানিবলৈ দিয়ে৷ ডিব্ৰুগড়ত দিন হাজিৰা কৰিবলৈ আহোঁতে জীৱেশ্বৰ ডেকা নামৰ এজন ব্যক্তিৰ প্ৰলোভনত ৰামু কৰ্মকাৰে কলকাতালৈ গৈ কিড্‌নী বিক্ৰী কৰি থৈ অহা বুলি মুকলিকৈ কয়৷ আনহাতে উক্ত বাগিচাখনৰ হস্পিটেলত কৰ্মৰত বীণা মিৰ্ধা, তেওঁৰ স্বামী সুনীল মিৰ্ধা আৰু কন্যা নিকিতা মিৰ্ধা যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা সন্ধানহীন হৈ আছে আৰু সংগঠনটোৱে  তেওঁলোক গুৱাহাটীৰ পৰা কলকাতালৈ যোৱা বুলি প্ৰকাশ কৰিছে৷ এই পৰিয়ালটো কিড্‌নী ব্যৱসায়ী দালালৰ কবলত পৰাটো একপ্ৰকাৰ নিশ্চিত বুলি তেওঁলোকে উল্লেখ কৰিছে৷ এই বাগিচাখনৰে বালকৰাম বাউৰীৰ পুত্ৰ অজিত বাউৰী নামৰ যুৱকজন বহুদিনৰ পৰা সন্ধানহীন হৈ থকা ঘটনাটোৱেও ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু এইজন যুৱকো মানৱ দেহৰ অংগৰ অবৈধ ব্যৱসায়ীৰ কবলত পৰা বুলিও সন্দেহ কৰিছে৷ চাহ জনজাতি ছাত্ৰ সন্থাই ডিব্ৰুগড় জিলা প্ৰশাসনক এই সন্দৰ্ভত উচিত তদন্তৰ দাবী জনোৱাৰ লগতে ইয়াৰ সৈতে জড়িতসকলক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰো দাবী জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here