ড্ৰাগ্‌ছ সৰবৰাহকাৰী তথা অপৰাধীৰ প্ৰসংগত কোনোধৰণৰ আপোচ কৰা নহ’ব: মুখ্যমন্ত্ৰী

0
1531
শূন্য সহনশীলতা নীতিৰে অসমত অপৰাধ আৰু ড্ৰাগ্‌ছৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলি থকাৰ কথা যোৱা ১৪ জুলাইত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ ড্ৰাগ্‌ছ আৰু অপৰাধৰ বিৰুদ্ধে চলোৱা অভিযানৰ বাবে তেওঁ যিমানেই সমালোচনাৰ সন্মুখীন নহওক কিয়, সেই সমালোচনাক বিষপান কৰাৰ দৰে কৰি যাব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ অপৰাধ আৰু ড্ৰাগ্‌ছৰ বিৰুদ্ধে চলোৱা অভিযানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ আসনত বহি থকাপৰ্যন্ত কোনোধৰণৰ আপোচ নকৰাৰ কথাও তেওঁ ঘোষণা কৰে৷ দুই-তিনিটা বছৰৰ  ভিতৰত ড্ৰাগ্‌ছৰ বেহা নিয়ন্ত্ৰণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে যি আৰক্ষীয়ে ড্ৰাগ্‌ছ ধৰে তেওঁক পুৰস্কৃত কৰা হ’ব৷ ড্ৰাগ্‌ছ সেৱন কৰাৰ ফলত একো একোখন ঘৰলৈ অন্ধকাৰ নামি অহাৰ উদাহৰণ দাঙি ধৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷ ড॰ শৰ্মাই কয় যে তেওঁ প্ৰথমতে এইবোৰ অসমত নাই বুলি আশ্বস্ত হৈছিল৷ কিন্তু দেখা গ’ল এচামে গোটেই জাতিটোকে ধ্বংস কৰি নি আছে৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আৰু কয় যে ড্ৰাগ্‌ছৰ বাবেই অপৰাধ বাঢ়ি গৈছে৷  মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে ড্ৰাগ্‌ছৰ বিৰুদ্ধে যি অভিযান চলাই থকা হৈছে তাত ম্যানমাৰৰ সহযোগৰ আৱশ্যক৷ উত্তৰ-পূবৰ আন আন ৰাজ্যসমূহৰ লগত মুখ্যমন্ত্ৰী হিচাপে এটা সু-সমন্বয় আছে বুলিও উল্লেখ কৰে ড॰ শৰ্মাই৷ অসমত ড্ৰাগ্‌ছ নিয়ন্ত্ৰণলৈ আহিলে দেশৰ আন আন ৰাজ্যতো নিয়ন্ত্ৰণ হ’ব৷  মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মাত্ৰ দুই-তিনিটা মাহতে জব্দ কৰা নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহৰ লগত জড়িত ১০২১টা গোচৰ পঞ্জীয়ন কৰি ১৮৯৭জন লোকক গ্ৰেপ্তাৰ কৰাৰ কথা জানিবলৈ দিয়ে৷ অহা দুই-তিনিটা বছৰৰ ভিতৰত ড্ৰাগ্‌ছৰ শিপা উভালি দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here