ৰাজ্যত নিউম’ক’ক্কেল কন্‌জুগেট ভেক্‌চিন (Pneumococcal Conjugate Vaccine) প্ৰদান অভিযান

0
1164
অসমৰ শিশুসকলক নিউম’নিয়াৰ পৰা সুৰক্ষিত কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগে আজিৰ পৰা নিউম’ক’ক্কেল কনজুগেট ভেক্‌চিন চমুকৈ PCV নামৰ এবিধ নতুন প্ৰতিষেধক প্ৰদানৰ অভিযান আৰম্ভ কৰিছে৷ স্বাস্থ্য বিভাগৰ নিয়মীয়া অভিযান সাৰ্বজনীন টিকাকৰণ কাৰ্যসূচীত এই নিউম’নিয়া প্ৰতিৰোধী প্ৰতিষেধকবিধ প্ৰথমবাৰলৈ অন্তৰ্ভুক্তিৰে ৰাজ্যত যোৱা ৩০ জুনৰ পৰা PCV টিকাকৰণ অভিযানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ গুৱাহাটীৰ খানাপাৰাৰ ৰাজ্যিক স্বাস্থ্য কেন্দ্ৰত এটা অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী মহন্তই এটি ডেৰমহীয়া শিশুক কোলাত তুলি লৈ প্ৰথম পালি PCV ভেক্‌চিন প্ৰদানেৰে ৰাজ্যজোৰা অভিযান উদ্বোধন কৰে৷ লক্ষণীয় যে এই ভেক্‌চিন দেশৰ ১২খন ৰাজ্যত একেলগে আৰম্ভ কৰা হৈছে৷ অনুষ্ঠানত নিউম’নিয়া প্ৰতিৰোধী এই নতুন টিকাকৰণ কাৰ্যসূচী মুকলি কৰি স্বাস্থ্য মন্ত্ৰী মহন্তই কয় যে ৫ বছৰৰ তলৰ শিশুসকল ষ্টেপট’ক’কাছ নিউম’নি নামৰ এবিধ বেক্টেৰিয়াৰ বাবে নিউম’নিয়াত আক্ৰান্ত হয়৷ এই সংক্ৰমণৰ ফলত নিউম’নিয়াৰ লগতে মেনিনজাইটিছ আৰু চেপ্টিছেমিয়াও হ’ব পাৰে৷ মুঠ তিনিটা পালিৰ এই PCV ভেক্‌চিনৰ প্ৰথম পালি জন্মৰ পৰা ছয় সপ্তাহত, দ্বিতীয় পালি চৈধ্য সপ্তাহত আৰু অন্তিম পালি ন মাহ বয়সত দিব লাগে৷ উল্লেখ্য যে এই নিউম’নিয়া প্ৰতিৰোধী ভেক্‌চিনবিধ সম্পূৰ্ণ বিনামূলীয়া আৰু অতি সুৰক্ষিত৷ ভাৰতত ২০১৭ চনত পৰীক্ষামূলকভাৱে প্ৰথম পৰ্যায়ত মাথোঁ পাঁচখন ৰাজ্যতহে এই PCV ভেক্‌চিন সাৰ্বজনীন টিকাকৰণ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছিল যদিও ২০২১ চনত অসমকে ধৰি সকলো ৰাজ্যতে ইয়াক নিয়মীয়া চৰকাৰী টিকাকৰণ কাৰ্যসূচীত সামৰি ল’বলৈ কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনায়৷ এতিয়ালৈকে বিশ্বৰ ১৪৬খন দেশত এই ভেক্‌চিনবিধ ৰাষ্ট্ৰীয় টিকাকৰণ কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰা হৈছে৷ উল্লেখ্য যে ভাৰতত Strepticcus pneumonia pneumococcal বেক্টেৰিয়াৰ পৰা হোৱা নিউম’নিয়াৰ ফলত আক্ৰান্ত হৈ কাহ-শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ ২০১০ চনত ১,০৫,০০০ আৰু ২০১৫ চনত ৫,৩৩,০০০ শিশুৰ মৃত্যু হয়৷ কেৱল ইমানেই নহয়, দুবছৰ বয়সৰ তলৰ ৮০ শতাংশ শিশু নিউম’নিয়াত সংক্ৰমিত হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here