১৫ জুলাইৰ পৰা প্ৰাপ্তবয়স্কৰ বাবে বিনামূলীয়া বুষ্টাৰ ড’জ

0
196

এটা বিশেষ অভিযানৰ অধীনত শুকুৰবাৰ অৰ্থাৎ ১৫ জুলাইৰ পৰা ৭৫ দিনলৈ সকলো প্ৰাপ্তবয়স্ক লোকে চৰকাৰী কেন্দ্ৰবোৰত বিনামূলীয়াকৈ ক’ভিডৰ বুষ্টাৰ ড’জ ল’ব পাৰিব৷ তৃতীয়টো পালিয়ে সামৰা লোকৰ সংখ্যা উন্নত কৰাৰ লক্ষ্যৰে ভাৰতৰ স্বাধীনতাৰ ৭৫ সংখ্যক বাৰ্ষিকী উপলক্ষে চৰকাৰৰ ‘আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে এই অভিযান চলোৱা হ’ব৷ 
১৮-৫৯ বছৰ বয়সৰ ৭৭ কোটি লোকক সতৰ্কতামূলক বা বুষ্টাৰ ড’জ দিয়াৰ লক্ষ্য লোৱা হৈছিল যদিও এই পৰ্যন্ত ৰ শতাংশ লোককহে দিয়া হৈছে৷ অৱশ্যে ৬০ বছৰ আৰু তাৰ ঊৰ্ধ্বৰ ১৬ কোটি যোগ্য জনসংখ্যাৰ ভিতৰত প্ৰায় চ্ছ শতাংশক আৰু লগতে স্বাস্থ্য কৰ্মীসকল আৰু আগশাৰীৰ কৰ্মীসকলক বুষ্টাৰ ড’জ দিয়া হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here