মাধমাৰ! দাম বাঢ়িব ২১ বিধ খাদ্য সামগ্ৰীৰ

0
347

অহা ১৮ জুলাইৰ পৰা বৃদ্ধি পাব ২১বিধ খাদ্য সামগ্ৰীকে ধৰি আন বহুতো সামগ্ৰীৰ দাম৷ এই দাম বৃদ্ধিয়ে পুনৰ সাধাৰণ লোকৰ মূৰত মাধমাৰ শোধাব৷ কেন্দ্ৰীয় চৰকাৰে বহুতো সামগ্ৰীত নতুনকৈ জি এছ টি  বলৱৎ কৰাৰ লগতে আন বহুতো সামগ্ৰীৰ জি এছ টি বৃদ্ধিৰ সিদ্ধান্ত লৈছে৷
 সেয়েহে ১৮ জুলাইৰ পৰা পেকেজিং কৰা তথা লেবেল থকা খাদ্য সামগ্ৰী যেনে দৈ, মৌ, মাখন, লাচ্ছি, ৱাটাৰ মিল্ক, চিৰা, পিঠাগুৰি, কৰ্নফ্লেক্স, ছয়াবিন, মটৰ আদিৰ পৰা আৰম্ভ কৰি মাছ, মাংস, পনীৰলৈকে সকলোতে পাঁচ শতাংশ জি এছ টি দিব লাগিব৷ 
কেন্দ্ৰীয় চৰকাৰে থলুৱা ক্ষুদ্ৰ উদ্যোগীয়ে প্ৰস্তুত কৰা সামগ্ৰীতো জি এছ টি আৰোপ কৰাৰ বাবে লোৱা সিদ্ধান্তৰ ফলত সৰু সৰু ব্যৱসায়ীসকলৰ মূৰত এতিয়া ৰামটাঙোন পৰিব৷ আনহাতে অহা ১৮ জুলাইৰ পৰা হোটেলত থকা আৰু চিকিৎসালয়ত ভৰ্তি হৈ চিকিৎসা কৰাও ব্যয়বহুল হৈ পৰিব৷ কিয়নো কেন্দ্ৰীয় চৰকাৰে চিকিৎসালয়ৰ কোঠাৰ মাচুল প্ৰতিদিনে ৫ হাজাৰ টকাৰ ওপৰত হ’লে ৫ শতাংশ জি এছ টি আৰোপ কৰাৰ সিদ্ধান্ত লৈছে৷ 
একেদৰে প্ৰতিদিনে ১০০০ টকাতকৈ কম মূল্যৰ হোটেলৰ কোঠাত ১২ শতাংশ কৰ দিব লাগিব৷ ইতিমধ্যে চাউল, দাইল, খোৱা তেলৰ পৰা আৰম্ভ কৰি শাক-পাচলিলৈকে প্ৰতিবিধ সামগ্ৰীৰে দাম আকাশলংঘী হৈ পৰিছে৷ ক’বলৈ গ’লে বজাৰত জুই জ্বলিছে৷ সাধাৰণ লোকসকলে এতিয়া নিমখৰ সৈতে হ’লেও দুবেলা দুসাঁজ খাবলৈকো চিন্তা কৰিবলগীয়া হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here