Home Daily news ১৪ বছৰৰ পাছত বিশ্বত ঘেঁহুৰ মূল্য সৰ্বাধিক

১৪ বছৰৰ পাছত বিশ্বত ঘেঁহুৰ মূল্য সৰ্বাধিক

বিশ্বত ১৪ বছৰৰ পাছত ঘেঁহুৰ মূল্যই অভিলেখৰ সৃষ্টি কৰিছে৷ সম্প্ৰতি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধৰ ফলতে এইদৰে বিশ্বতে ঘেঁহুৰ মূল্যই অভিলেখ ৰচি সৰ্বস্তৰত উপনীত হৈছে৷ ইয়াৰ ফলত অকল ৰুটীৰ ওপৰত নিৰ্ভৰ কৰি চলা দেশসমূহৰ মাজত যথেষ্ট সমস্যাৰ সৃষ্টি হ’ব৷ উল্লেখ্য যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধৰ ফলত কৃষ্ণসাগৰ বন্দৰৰ পৰা ঘেঁহুৰ যোগান বন্ধ হৈছে৷ ইয়াৰ ফলত ঘেঁহুৰ মূল্য ৪৩ শতাংশপৰ্যন্ত বৃদ্ধি পাইছে৷ উল্লেখ কৰাৰ প্ৰয়োজন যে সমগ্ৰ বিশ্বৰ ভিতৰত ৩০ শতাংশ ঘেঁহুৱেই ৰাছিয়া আৰু ইউক্ৰেইনে ৰপ্তানি কৰে৷ দুয়োখন দেশৰ মাজৰ চলা যুদ্ধৰ ফলত অন্য দেশলৈ ঘেঁহুৰ যোগান বন্ধ হৈ পৰিছে৷ এনে পৰিস্থিতিত অকল ঘেঁহুৰ ওপৰত নিৰ্ভৰশীল কেইবাখনো দেশলৈ সংকট নামি আহিছে৷ ৱল্ডৰ্ ফুড প্ৰগ্ৰেমৰ মুখপাত্ৰ জুলি মাৰ্ছেলে শংকা ব্যক্ত কৰিছে যে দুয়ো দেশৰ মাজত যুদ্ধ অব্যাহত থাকিলে মধ্য প্ৰাচ্য আৰু উত্তৰ আফ্ৰিকাৰ কেইবাখনো দেশত খাদ্য সংকটে দেখা দি ক্ষুধাতুৰৰ সংখ্যা বৃদ্ধি কৰিব৷

Most Popular

৮০০ কোটি বছৰৰ আগৰ ৰেডিঅ’ সংকেত আৱিষ্কাৰ ভাৰতীয় বিজ্ঞানীৰ!

মহাকাশত পুনৰ চমক সৃষ্টি কৰিলে ভাৰতীয় বিজ্ঞানীয়ে৷ মঙল গ্ৰহৰ তৰংগৰ স্ৰোত আৱিষ্কাৰৰ সময়ত ৮০০ কোটি বছৰ আগৰ ৰেডিঅ’ সংকেত ধৰা পেলাবলৈ সমৰ্থ...

প্ৰকৃতিৰ জামাদাৰখ্যাত শগুনৰঅস্বাভাৱিক মৃত্যু ঃ ক’ত?

পক্ষীকুল ৰক্ষা কৰাৰ সময়তে শিৱসাগৰত এজাক পক্ষীকুলৰ নিধনত ব্যথিত হৈছে প্ৰকৃতিপ্ৰেমী৷ প্ৰকৃতিৰ চাফাই কৰ্মীৰূপে খ্যাত আকাশ শুৱনি কৰা এজাক শগুন শিৱসাগৰ নগৰৰ...

বুকিং আৰম্ভ বিশ্বৰ প্ৰথমখনউৰন্ত মটৰচাইকেলৰ

বাইক বা মটৰচাইকেল সকলোৱে দেখিছে বা কেনেদৰে চলে সেয়াও সকলোৰে জ্ঞাত৷ পথ ৰাস্তাত চলা মটৰচাইকেল সকলোৱে দেখিব, কিন্তু উৰিব পৰা মটৰ চাইকেল...

অন্তঃসত্ত্বা মহিলাক ৩৩ সপ্তাহৰ পাছতগৰ্ভপাত কৰোৱাৰ অনুমতি ন্যায়ালয়ৰ

অন্তঃসত্ত্বা অৱস্থাত যিকোনো সময়ত কোনো সমস্যা দেখা দিয়ে, তেন্তে ভ্ৰূণৰ বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে৷ শেহতীয়াকৈ এক খবৰ মতে ২৯ সপ্তাহৰ এগৰাকী...