Home Daily news সৰিয়হৰ ডুলিতে ভূত : এম্বুলেঞ্চৰ পৰা ১৪ কোটি টকাৰ ড্ৰাগ্‌ছ জব্দ

সৰিয়হৰ ডুলিতে ভূত : এম্বুলেঞ্চৰ পৰা ১৪ কোটি টকাৰ ড্ৰাগ্‌ছ জব্দ

ৰাজ্যত ড্ৰাগ্‌ছ-বিৰোধী তীব্ৰ অভিযান চলি থকাৰ সময়তে খোদ ৰাজধানী গুৱাহাটীত এম্বুলেঞ্চৰ পৰা জব্দ ১৪ কোটি টকাৰ ড্ৰাগ্‌ছ জব্দ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মণিপুৰৰ পৰা বাংলাদেশলৈ  সৰবৰাহ কৰাৰ চেষ্টা কৰা এই ড্ৰাগ্‌ছখিনি মহানগৰৰ যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্ত আৰn এ ডি চি পি কল্যাণ পাঠকৰ নেতৃত্বত এটা দলে অভিযান চলাই গণেশগুৰিৰ পৰা জব্দ কৰে৷ একেদিনাই কৰিমগঞ্জতো ২০ কোটি টকাৰ মূল্যৰ ড্ৰাগ্‌ছ আৰু নিচাযুক্ত টেবলেট আৰক্ষীৰ অভিযানত জব্দ হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটীৰ মাজেৰে বৃহৎ পৰিমাণৰ ড্ৰাগ্‌ছ সৰবৰাহ হোৱাৰ তথ্য লাভ কৰি নাজিৰাখাট টোল গে’টত মহানগৰ আৰক্ষীয়ে খাপ পিটি থাকে৷ কিন্তু আৰক্ষীৰ চকুৰ সন্মুখেৰেই পুৱতি নিশা এখন মণিপুৰত পঞ্জীয়ন কৰা এম্বুলেঞ্চেৰে ড্ৰাগ্‌ছখিনি গুৱাহাটীত প্ৰৱেশ কৰে৷ কিছু সময়ৰ পাছত আৰক্ষীয়ে খাপ পিটি থকা ড্ৰাগ্‌ছ তেওঁলোকৰ নিৰাপত্তা বেহু পাৰ হৈ গুৱাহাটীত প্ৰৱেশ কৰাৰ তথ্য লাভ কৰে৷ তাৰ পাছতে আৰক্ষীৰ দলটোৱে নাজিৰাখাট টোল গে’টৰ পৰা গুৱাহাটীলৈ ঘূৰি আহে৷ দলটোৱে হেঙেৰাবাৰী এলেকাত অভিযান চলাই পুৱা ড্ৰাগ্‌ছ সৰবৰাহ কৰা এম্বুলেঞ্চখনৰ চালকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ মিৰাজুল ইছলাম নামৰ চালকজনক গ্ৰেপ্তাৰ কৰাৰ পাছতে এটা ব্যক্তিগত পাৰ্কিং প্লেচত পাৰ্কিং কৰি থকা এম এন ০৩ চি ০০৩৭ নম্বৰৰ এম্বুলেঞ্চখনত অভিযান চলাই আৰক্ষীয়ে ৫০,০০০ য়াবা টেবলেট আৰু ২০০ গ্ৰাম হেৰ’ইন জব্দ কৰে৷ জব্দ কৰা ড্ৰাগ্‌ছখিনিৰ মূল্য আন্তৰ্জাতিক বজাৰত প্ৰায় ১৪.১ কোটি টকা হ’ব বুলি আৰক্ষীয়ে সদৰী কৰে৷ ধৃত চালক মিৰাজুলৰ ঘৰ মেঘালয়ৰ ফুলবাৰী থানাৰ ৰাজাবালা এলেকাত৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...