দুগ্ধ উৎপাদকলৈ সুখবৰপূৰৱীয়ে বৃদ্ধি কৰিলে ক্ৰয় মূল্য

0
107

গাখীৰৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি ৰাজ্যত ইয়াৰ চাহিদা অধিক৷ অসমত বিভিন্ন গাখীৰ উৎপাদন সংস্থাই গাখীৰৰ চাহিদা পূৰ কৰি আহিছে ৷ তাৰ ভিতৰত পূৰৱী ডেইৰী অন্যতম প্ৰতিষ্ঠান৷ মাত্ৰাধিক পৰিমাণে মূল্যবৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি এই প্ৰতিষ্ঠানটোৱেও গাখীৰৰ বিক্ৰী মূল্য সময়ে সময়ে বৃদ্ধি কৰা পৰিলক্ষিত হৈছে৷ কিন্তু এইবাৰ দুগ্ধ প্ৰতিষ্ঠানটোৱে এক আশাৰ বতৰা কঢ়িয়াই আনিছে, কিয়নো অসম দুগ্ধ উৎপাদক সমবায় সমিতিৰ দুগ্ধ প্ৰতিষ্ঠান পূৰৱীয়ে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ গাখীৰৰ ক্ৰয় মূল্য বৃদ্ধি কৰিছে৷ প্ৰতি লিটাৰ গাখীৰত ক্ৰয় মূল্য দুটকালৈ বৃদ্ধি কৰা প্ৰতিষ্ঠানটোৰ এই সিদ্ধান্তত ৰাজ্যৰ হাজাৰ হাজাৰ দুগ্ধ পালকক যথেষ্ট সকাহ দিয়া পৰিলক্ষিত হৈছে৷ অহা ১১ ডিচেম্বৰৰ পৰা গাখীৰৰ ক্ৰয় মূল্য বৃদ্ধিৰ প্ৰক্ৰিয়া কাৰ্যকৰী হোৱাৰ ফলত এতিয়ী প্ৰতি লিটাৰ গাখীৰত ৩৯ টকাকৈ লাভ কৰিব দুগ্ধ উৎপাদকসকলে৷  আনহাতে যদি কোনো দুগ্ধ উৎপাদকে উচ্ছ মানৰ গাখীৰ যোগান ধৰে, তেন্তে সেই উৎপাদেক প্ৰতি লিটাৰ গাখীৰত ৪৫ টকাতকৈও অধিক লাভ কৰিব বুলিও সদৰী কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here