স্ত্ৰেচ কমাবলৈ সূৰ্যৰ পোহৰ ! সঁচানে ? Sunlight to reduce stress! Is it true?

0
826
ঠাণ্ডাৰ দিনত পুৱাই যেতিয়া মেঘ ফালি কাঁচিয়লি ৰ’দটো ওলাই আহে, সকলোৰে দেহ-মন সতেজ হৈ যায়৷ অকল এয়াই নহয়, বিভিন্ন কবি-সাহিত্যিকেও কাঁচিয়লি ৰ’দৰ সুন্দৰতাক লৈ বিভিন্ন সময়ত কবিতা নিলিখাও নহয়৷ পিছে বিজ্ঞানসন্মতভাৱে কাঁচিয়লি ৰ’দৰ যে নানান উপকাৰিতা আছে, এই কথা আপুনি জানেনে? বিভিন্ন দেশত সাগৰৰ পাৰত মানুহে ছানবাথ কৰাও আপুনি নিশ্চয় দেখিছে৷ ইয়াৰ মূলতঃ কাৰণ কি জানো আহক৷

(১) সূৰ্যৰ ৰশ্মিয়ে ভিটামিন-D ৰ যোগান ধৰে, যি আমাৰ শৰীৰৰ কাৰণে অতি প্ৰয়োজনীয়৷ বিশেষকৈ হাড়, দাঁত আৰু মাংসপেশী সুস্থ হৈ থকাৰ বাবে ভিটামিন-D অতি জৰুৰী৷


(২) সূৰ্যৰ ৰশ্মিয়ে শৰীৰত মেলাটনিন হৰমন উৎপন্ন কৰি মনটো স্ত্ৰেচমুক্ত কৰাত সহায় কৰে৷ লগতে এই মেলাটনিনে টোপনি উন্নত কৰাতো অৰিহণা যোগায়৷ সেয়েহে আপুনি যিমানে সূৰ্যৰ ৰশ্মি গাত পৰিবলৈ দিব, সিমানে আপোনাৰ শৰীৰে মেলাটনিন উৎপন্ন কৰিব৷

Benefits of moderate sun exposure | Mood boost, Feelings, Serotonin


(৩) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাতো সূৰ্যৰ পোহৰ বিশেষভাৱে কাৰ্যকৰী৷ ফলত আপোনাৰ শৰীৰটো বিভিন্ন বেমাৰৰ পৰা মুক্ত হৈ থাকিব পাৰিব৷


(8) বিজ্ঞানসন্মত তথ্য মতে সূৰ্যৰ কুমলীয়া ৰ’দে শৰীৰত চেৰ’টনিন বৃদ্ধি কৰাত সহায় কৰে৷ যাৰ ফলত মনৰ অৱসাদ আঁতৰি সুখী হৈ থকাত সহায়ক হয়৷

What Are the Benefits of Sunlight?
কিন্তু সূৰ্যৰ ৰশ্মি লওঁতে অলপ সাৱধান হোৱা প্ৰয়োজন৷ কিয়নো প্ৰয়োজনতকৈ অধিক সূৰ্যৰ ৰশ্মিয়েও আপোনাৰ শৰীৰক ক্ষতি কৰিব পাৰে৷ সেয়েহে দেহৰ উপকাৰিতাৰ বাবে সদায় সূৰ্যৰ কুমলীয়া ৰ’দহে লোৱা উচিত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here