Home Daily news সূৰ্যৰ পোহৰ নাথাকিলেবিশ্বত কি পৰিস্থিতিৰ সৃষ্টি হ’ব?

সূৰ্যৰ পোহৰ নাথাকিলেবিশ্বত কি পৰিস্থিতিৰ সৃষ্টি হ’ব?


সূৰ্যৰ পৰা আমি পোহৰ তথা শক্তি পাওঁ৷ পৃথিৱীৰ সমগ্ৰ শক্তিৰ উৎস হ’ল সূৰ্য৷ সূৰ্যৰ আলোক বা ৰশ্মি আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ৷ সূৰ্যৰ পোহৰ নোহোৱাহেঁতেন গোটেই পৃথিৱীখনেই অন্ধকাৰ হৈ পৰিলহেঁতেন৷ এতিয়া আপুনি কল্পনা কৰক যে সূৰ্যৰ পোহৰ তথা শক্তি নাথাকিলে কি পৰিৱৰ্তিত ঘটনা সংঘটিত হ’লহয়৷ অন্ধকাৰ হোৱাৰ উপৰিও পৃথিৱীত এনে কিছু প্ৰৱৰ্তন ধটিব যি ৰীতিমতে চমকাই দিব৷ ফ্ৰীজ এটাত গৰম চাহ একাপ ৰাখিলে লগে লগে ঠাণ্ডা হৈ নাযায়৷ ঠিক একেদৰে সূৰ্যৰ পোহৰ নাথাকিলে হঠাতে পৃথিৱী শীতল হৈ নাযাব৷ কিয়নো মহাকাশৰ ঘূৰ্ণনৰ বাবে পৃথিৱী কেইবা মিলিয়ন বছৰ ধৰি একেবাৰে ঠাণ্ডা হৈ নাযাব৷ কিন্তু ক্ৰমাগতভাৱে সূৰ্যৰ পোহৰ কমি গৈ তাপমাত্ৰা মাইনাছৰ দিশে গতি কৰিব৷
সূৰ্যৰ পোহৰ যেতিয়া পৃথিৱীত নপৰিব৷ তেতিয়া এক সপ্তাহমানৰ ভিতৰত পৃথিৱীপৃষ্ঠৰ তাপমাত্ৰা শূন্য ডিগ্ৰীলৈ নামি যাব৷ ধীৰে ধীৰে তাপমাত্ৰা মাইনাছ ডিগ্ৰীলৈ গতি কৰিব৷ যাৰ ফলত তুষাৰপাত হ’ব তথা জীৱন যাত্ৰা অত্যন্ত কঠিন হৈ পৰিব৷ ইয়াৰ উপৰি সমুদ্ৰৰ ওপৰৰ স্তৰবোৰ বৰফত পৰিণত হ’ব৷ কেইবা লক্ষ বছৰ পাছত পৃথিৱীৰ তাপমাত্ৰা -৪০০ ডিগ্ৰীলৈ গতি কৰিলে স্থিতিশীল হৈ পৰিব৷
উল্লেখ্য যে সূৰ্যৰ পোহৰ অদৃশ্য হ’লে কেইটামান দিনত ভিতৰতে পৃথিৱীৰ জনজীৱন ৰীতিমতে নিঃশেষ হৈ যাব৷ সালোকসংশ্লেষণ প্ৰক্ৰিয়া বন্ধ হৈ পৰিব৷ প্ৰকৃতিৰ অধিকাংশ উদ্ভিদ, গছ-গছনি বিলুপ্তিৰ দিশে গতি ল’ব৷ খাদ্যৰ অভাৱত মানৱ জীৱজগত ধবংস হ’ব৷ আনহাতে তাপমাত্ৰা মাইনাছ ডিগ্ৰীলৈ গতি কৰাত অতি ক্ষুদ্ৰ প্ৰাণী, অনুজীৱবোৰে বাচি থাকিব পাৰিব৷ বাকী জীৱজগত কালৰ সোঁতত বিলীন হ’ব৷

Most Popular

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে...

বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ...

নিমিষতে ম’বাইল ডাটা শেষনহ’বলৈ এই পদ্ধতি অৱলম্বন কৰক

আপুনি গোটেই দিনটোত ফে’চবুক, ৱাটছএপ কোনোটোৱে ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ স্মাৰ্টফোনটোৰ ডাটা ৫০ শতাংশ শেষ হৈ গৈছে৷ তাৰ বাবে আপুনি কাষ্টমাৰ...

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...