সুখবৰ : কৰ’নাৰ টেষ্ট কিট অসমত !

0
1694

ক’ৰনা ভাইৰাছৰ নতুন ৰূপে শেহতীয়াকৈ বিশ্বৰ বিভিন্ন প্ৰান্তত বিধ্বংসী ৰূপ ধাৰণ কৰিছে৷ ইংলেণ্ডত দেখা দিয়া কৰ’নাৰ এই নতুন ৰূপ ইতিমধ্যে ভাৰতবৰ্ষ পোৱা বুলিও সন্দেহ কৰা হৈছে৷ কৰ’নাক লৈ বিশ্বতে সৃষ্টি হোৱা এনে আতংকময় পৰিস্থিতিৰ সময়তে তিনিচুকীয়া নিবাসী শুভাঞ্জন ভৌমিকে মানৱ দেহত কৰ’না ভাইৰাছৰ অৱস্থিতি ধৰা পেলাবলৈ এটা অভিনৱ পৰীক্ষা প্ৰণালী উদ্ভাৱন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ ভৌমিকে দাবী কৰা মতে, তেওঁৰ টেষ্ট কিটটোৱে শেহতীয়া ভাইৰাছৰ প্ৰকাৰ আৰু ভৱিষ্যতে বিৱৰ্তনৰ ফলত সৃষ্টি হ’ব পৰা নতুন প্ৰকাৰসমূহো ধৰা পেলাবলৈ সক্ষম হ’ব৷ ভৌমিক মুম্বাইৰ বেনক’চ ৰিছাৰ্চ প্ৰাইভেট লিমিটেডৰ নিৰ্দেশক আৰু তেওঁ কাম কৰা প্ৰতিষ্ঠানখনে আই চি এম আৰ আৰু এন আই আৰ আৰ এইচৰ লগত মিলি এই টেষ্ট কিট প্ৰস্তুত কৰি উলিয়াইছে৷ উল্লেখযোগ্য যে বেংগালুৰুৰ ইণ্ডিয়ান ইন্‌ষ্টিটিউট অব্‌ ছায়েন্সৰ প্ৰাক্তন ছাত্ৰ ভৌমিকৰ মতে প্ৰতিষেধক প্ৰদানৰ সমান্তৰালকৈ কভিড-১৯ৰ পৰীক্ষণো চলি থাকিব৷ কিয়নো এটা আনটোৰ পৰিপূৰক৷ তেওঁৰ মতে, স্বাস্থ্যসন্মত জৰুৰীকালীন অৱস্থাৰ কাৰণে প্ৰতিষেধক প্ৰস্তুত কৰিবলৈ প্ৰতিষ্ঠানসমূহে প্ৰয়োজনীয় সময় নাপালে৷ আনহাতে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া অতি কম সময়ৰ ভিতৰত তেওঁলোকে ভেক্‌চিন প্ৰস্তুত কৰিবলগীয়া হৈছে৷ তেনেস্থলত ভেক্‌চিনে ১০০ শতাংশই কাম কৰিব বুলি ক’ব নোৱাৰি বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া দীঘলীয়া৷ ইয়াৰ বাবে বহু বছৰ লাগি যায়৷ গতিকে এটা ফলপ্ৰসূ পৰীক্ষা প্ৰণালীৰ সদায়ে প্ৰয়োজন হ’ব ৷ ভৌমিকৰ দাবী– তেওঁ নিৰ্মাণ কৰি উলিওৱা টেষ্ট কিট আন কিটতকৈ পৃথক আৰু যথেষ্ট কম মূল্যৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here