চেলাউৰি কেনেকৈ ডাঠ কৰিব?

0
1540

মুখৰ সৌন্দৰ্যত চকুৰ লগতে চেলাউৰিয়েও মুখ্য ভূমিকা লয়৷ চেলাউৰি নহ’লে চকুৰ সৌন্দৰ্যও ম্লান পৰে৷ সেইবাবে আজিকালি সকলোৱে বিভিন্ন প্ৰসাধন ব্যৱহাৰ কৰি চেলাউৰিক আকৰ্ষণীয় কৰি তোলা দেখা যায়৷ আমি বিভিন্ন প্ৰাকৃতিকভাৱে যতন লৈও চেলাউৰিক আকৰ্ষণীয় আৰু ডাঠ কৰিব পাৰোঁ৷

(১) নাৰিকল তেল অলপ গৰম কৰি চেলাউৰিত মালিচ কৰিব লাগে৷ গোটেই ৰাতি তেনেকৈ লগাই থৈ ৰাতিপুৱা ধুই দিব লাগে৷
(২) কেষ্টৰ অইলে চুলি গজাত যিহেতু সহায় কৰে, সেয়ে আঙুলিত কেইটোপালমান কেষ্টৰ অইল লৈ চেলাউৰিত মালিচ কৰি আধা ঘণ্টা পাছত কুহুমীয়া পানীৰে ধুই দিব লাগে৷
(৩) অলিভ অইলত ভিটামিন-এ আৰু ভিটামিন-ই থাকে, যিয়ে চেলাউৰি ডাঠ কৰাত সহায় কৰিব পাৰে৷ ইয়াৰ কাৰণে কেইটোপালমান অলিভ অইল লৈ মালিচ কৰিব লাগে৷ পাছত ধুই পেলাব লাগে৷
(৪) পিঁয়াজৰ ৰসত প্ৰচুৰ পৰিমাণে ছালফাৰ, মিনাৰেল, ভিটামিন-বি আৰু ভিটামিন-চি থাকে, যি আমাৰ চেলাউৰি ডাঠ কৰিব পাৰে৷ ইয়াৰ কাৰণে পিঁয়াজৰ ৰস চেলাউৰিত লগাই কেইঘণ্টামান ৰাখি কপাহ পাতলকৈ নেমু ৰসত ভিজাই চেলাউৰিত মচি দিব লাগে৷
(৫) কপাহ গাখীৰত ভিজাই চেলাউৰিত লগাই মালিচ কৰি পোন্ধৰ মিনিটমানৰ পাছত ধুই দিব লাগে৷
(৬) এলোভেৰাত থকা এলোনিন নামৰ উপাদানে চেলাউৰিক ডাঠ কৰাত অৰিহণা যোগায়৷ ইয়াৰ কাৰণে এলোভেৰাৰ জে’ল চেলাউৰিত লগাই মালিচ কৰিব লাগে৷
(৭) ৰাতি মেথিগুটি ভিজাই থৈ পুৱা সেইখিনি পিহি চেলাউৰিত আধা ঘণ্টামান লগাই ধুই দিব লাগে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here